newsnextone.com | ডিজিটেল ডেস্কঃ মৃত্যু জীৱনৰ পৰিসমাপ্তি ৷ মৃত্যু অৱধাৰিত৷ এদিন সকলোৱে যাব লাগিব অচিনা দেশলৈ৷ পৃথিৱীৰ মায়া, মোহ ত্যাগ কৰি সকলোৱে যাব লাগিব এয়া চিৰন্তন সত্য৷ কিন্তু এনে কিছু মানুহৰ মৃত্যুৱে লাখ লাখ লোকে সহজে লব নোৱাৰে৷ তেনে লোকৰ মৃত্যুত ফেকুৰি উঠে বহু লোক৷ তেনে এক মৃত্যুৱে কন্দুৱাইছে তামিলনাডুবাসীক। হয়, ৯৪ বছৰীয়া এম কৰুণানিধিয়ে সকলোকে কন্দুৱাই থৈ গ'ল মঙলবাৰে সন্ধিয়া ৬ বাজি ১০ মিনিটত। কাবেৰী হস্পিতাল কৰ্তৃপক্ষই জাৰি কৰা বিবৃতি যোগে এই কথা স্পষ্ট কৰে।

অৱশেষত জনতাৰ নেতাই এৰি গ'ল সকলোকে৷ তেওঁ ভোট বিচাৰি যোৱাৰ সময়তো তেওঁৰ পিছে পিছে গৈছিল মানুহ। নেতা হোৱাৰ পিছতো তেওঁৰ পিছ এৰা নাছিল মানুহে। জীৱন বিয়লি বেলাত তেওঁ হস্পিতালৰ বিছনাত শুই আছিল কিন্তু জনতাই তেওঁৰ পিছ এৰা নাছিল। হস্পিতালৰ বাহিৰত সমবেত হৈ কৰুণানিধিৰ সমৰ্থকে প্ৰমাণ কৰিছিল তেওঁ আছিল মানুহে ভাল পোৱা নেতা।

তেওঁ প্ৰকৃততে জনতাৰ নেতা আছিল। জনতাৰ নেতা আছিল বাবেই ইমানেই জনপ্ৰিয়তা। তামিল সমাজখনৰ বাবে তেওঁ আছিল এগৰাকী আদৰ্শ৷ বিভিন্ন জাতি ধৰ্মৰ লোকক একত্ৰিত কৰি উন্নয়ন, শান্তিৰ বাবে ডেকা অৱস্থাৰ পৰাই জাগি আছিল। আজীৱন জনসাধাৰণৰ বাবে কাম কৰি তেওঁ অৱশেষত সকলোৱে কন্দুৱাই অচিনা দেশলৈ গুচি গ’ল৷ আধুনিক তামিলনাডুৰ উত্থান-পতনৰ সাক্ষী মানুহজনে জনতাৰ সেৱা কৰিবৰ বাবেই যেন পৃথিৱীলৈ আহিছিল।

হস্পিতালৰ বাহিৰত কান্দোনত ভাগি পৰিছিল জনতাৰ নেতাৰ সমৰ্থক। হাজাৰ হাজাৰ সমৰ্থকক বাধা দি ৰখাব পৰা নাছিল আৰক্ষীয়ে। কোনোৱে দুই-তিনিদিনলৈ নেতাৰ খবৰ লবলৈ আহি দোকানৰ সন্মুখত, পদপথত পৰি ৰৈছিল। কোনো মুহূৰ্তত বেয়া খবৰ আহিব পাৰে বুলি ভেকুৰি উঠে নেতাৰ সমৰ্থকসকল। যোৱা কেইবাদিন ধৰি হস্পিতালৰ বাহিৰত থিয় থকা সমৰ্থকে ভাত-পানী সকলো পাহৰি তেওঁলোকৰ প্ৰিয় নেতাৰ আশু আৰোগ্য কামনা কৰি প্ৰৰ্থনা কৰি আছিল। 

কেকিয়াবা কেতিয়াবা আবেগিক হৈ পৰি হস্পিতালৰ ভিতৰলৈ যাব খোজে সমৰ্থকে। কিন্তু সেয়া সম্ভৱ নহয় বাবেই অনিচ্ছা সত্বেও লাঠিচালনা কৰি খেদি পঠিয়াব লগা হয় আৰক্ষীয়ে। মুহূৰ্তই মুহূৰ্তই অহা খবৰ বোৰে চিন্তিত কৰিছিল সমৰ্থকক। কিন্তু সেই গৰাকী ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ মঙলবাৰে হস্পিতালত মৃত্যুক আকোৱালি লয়।

ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিক যোৱা ২৯ জুলাইৰ নিশা আবাসৰ পৰা হস্পিতালত ৰখা হয়৷ চেন্নাইৰ কাবেৰি হস্পিতালত এটা বিশেষ চিকিৎসকৰ দলৰ তত্বাৱধনাত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৰক্ত চাপ আৰু জ্বৰৰ চিকিৎসা কৰি থকা হৈছিল৷ কিন্তু ৬ আগষ্টৰ পৰা পুনৰ স্বাস্থ্যৰ অধিক অৱনতি হয় কৰুণানিধিৰ। ডাক্তৰে তেওঁৰ অংগ সমূহে কাম কৰিবলৈ বন্ধ কৰি দিয়া বুলি প্ৰকাশ কৰে। অহা ২৪ ঘণ্টা তেওঁৰ বাবে সংকটৰ সময় বুলি কৈছিল আৰু তাৰ পিছতে তেওঁ মৃত্যুক আকোৱালি লয়।

২৯ জুলাইৰ নিশা ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটাত গোপালপুৰম স্থিত আবাসৰ পৰা চিকিৎসালয়লৈ অনা হৈছিল তেওঁক৷ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা হাজাৰ হাজাৰ সমৰ্থকে চিকিৎসালয়ৰ সন্মুখত ভিৰ কৰে৷ আবেগিক হৈ পৰে সমৰ্থক৷ একাংশ সমৰ্থকে প্ৰকৃত খবৰ নিদিয়া বুলি উত্তেজিত হৈ পৰিছিল৷ 

১৯৯৮ চনত কৰুণানিধিৰ দল দ্ৰাবিড় মুনেত্ত কণগমে বিপি সিঙৰ মিত্ৰজোঁটৰ চৰকাৰত চামিল হৈছিল৷ ইয়াৰ পিছত বিজেপি, কংগ্ৰেছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ লগতে তৃতীয় মৰ্চা পৰ্যন্ত গঠন কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰ গঠন কৰাত কেইবাবাৰো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ১৯২৪ চনৰ ৩ জন্মগ্ৰহণ কৰা কৰুণানিধিয়ে৷ তেওঁ প্ৰথমবাৰ তামিলনাডুৰ ১৯৬৯ চনত মুখ্যমন্ত্ৰী হৈছিল৷ ২০০৬ চনলৈ পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হৈছিল৷