newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী ডিএমকেৰ মুৰব্বী এম কৰুণানিধিৰ নশ্বৰদেহ দৰ্শন কৰিবলৈ আৰু শেষ শ্ৰদ্ধা যাচিবলৈ লাখ লাখ লোক সমবেত হয়। তাৰ লগে লগে দেশৰ শাসক-বিৰোধী দলৰ নেতাসকলে চেন্নাইৰ ৰাজাজী হ'লত উপস্থিত হৈ এম কৰুণানিধিকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে শেষ শ্ৰদ্ধা যাচে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী, চুপাৰষ্টাৰ ৰজনীকান্ত, এছ পি নেতা অখিলেশ সিং, আৰজেডি নেতা তেজস্বী যাদৱ, কংগ্ৰেছ নেতা প্ৰফুল্ল পেটেল, নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, এনচিপি নেতা শাৰদ পাৱাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাও, কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজায়নে শেষ শ্ৰাদ্ধা যাচে।
ইতিমধ্যে কৰুণানিধিৰ নশ্বৰ দেহ লৈ ৰাজাজী হ'লৰ পৰা অন্তিম যাত্ৰা আৰম্ভ কৰিছে মেৰিণা বীচ্ছলৈ। লাখ লাখ লোকে পুষ্প সজ্জিত বাহনত জনতাৰ নেতাৰ অন্তিম যাত্ৰা আৰম্ভ হৈছে। ৰাইজে পথৰ দুয়োকাষত থিয় হৈ পুষ্প ছটিয়াই জনতাৰ নেতাক বিদায় দিয়ে।
ইপিনে কৰুণানিধিৰ কেইবাগৰাকী অনুৰাগীয়ে কান্দি কান্দি ভাগৰি পৰাত হস্পিতালত ভৰ্তি কৰিব লগা হয়। কান্দি কান্দি অচেতন হৈ পৰা অনুৰাগীয়ে অচেতন হৈ পৰে।
এম কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ বাবে ৰাজাজী হ'লত অস্বাভাৱিক ভিৰ হোৱাৰ ফলত আৰক্ষীয়ে লাঠি চালনা কৰাত হেঁচা-ঠেলাত ২গৰাকী লোক নিহত হোৱাৰ খবৰ আহিছে। আনহাতে ৩৩ গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছে। ইয়াৰে অধিকাংশ আহতক চিকিৎসালয়লৈ নিব লগা হয় প্ৰশাসনে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাৰে বাৰে লাঠিচলনা কৰাৰ পিছতো মানুহৰ সংখ্যা বৃদ্ধি হৈ আহিছিল।
তামিলনাডুৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিৰ মঙলবাৰে চেন্নাইৰ কাবেৰী হস্পিতালত মৃত্যু হয়।মঙলবাৰে নিশাই তেওঁৰ নশ্বৰদেহ চেন্নাইৰ ৰাজাজী হ'ললৈ নিয়া হয় আৰু তাত নশ্বৰদেহ ৰখা হয়। বুধবাৰৰ পুৱাৰ পৰা কৰুণানিধিৰ নশ্বৰদেহ দৰ্শনৰ ব্যৱস্থা কৰে প্ৰশাসনে।
বুধবাৰে পুৱাৰে জনতাৰ নেতাক এবাৰ দৰ্শন কৰাৰ বাবে হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে চেন্নাইৰ ৰাজাজী হ'লৰ সন্মুখত। ৰাজ্যৰ খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকক নিযন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে আৰক্ষীয়ে। ফলত কিছু সময়ৰ বাবে দৰ্শন আৰু শেষ শ্ৰদ্ধা অনুষ্ঠান স্থগিত ৰাখিব লগা হৈছিল। অনুষ্ঠান স্থগিত ৰখাত ৰাইজে দেৱাল বগাই ৰাজাজী হ'লত সোমাব চেষ্টা কৰে। ৰাইজক বাৰে বাৰে শৃংখলাবদ্ধ ভাৱে দৰ্শল কৰাৰ আহ্বান জনাই যদিও পৰিস্থিতি নিয়ন্ত্ৰণাধীন হোৱাত লাঠি চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয় আৰক্ষীয়ে। এম কৰুণানিধিৰ পুত্ৰ এমকে ষ্টেলিনে ৰাইজক মাইকযোগে বাৰে বাৰে শান্তিৰে পিতৃৰ নশ্বৰদেহ দৰ্শন কৰাৰ লগতে শ্ৰদ্ধা জনাবলৈ কয়।