নগাঁৱত ন বছৰীয়া ছাত্ৰ নিৰুদ্দেশ-অপহৰণৰ সন্দেহ পৰিয়ালৰ লোকৰ

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুং গাঁৱত এটি ন বছৰীয়া শিশু নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিৱৰণী মতে, লালুং গাঁও নিবাসী শ্বেখ জামালৰ পুত্ৰ তথা লালুং গাওঁ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ  ছাত্ৰ আবিদুল ইছলাম যোৱা বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে ।

পৰিয়ালৰ লোকে ওচৰ- চুবুৰীয়া গাঁৱত তথা  আত্মীয়ৰ  ঘৰত  বিচাৰ খোচাৰ কৰিও এতিয়ালৈকে শিশুজনৰ একো শুংসুত্ৰ নোপোৱাত পৰিয়ালৰ লোকসকল চিন্তাগ্ৰস্ত হৈ পৰিছে ।

ইফালে, শিশুটিক কোনো দুষ্কৃতিকাৰীয়ে অপহৰণ কৰিছে বুলি পৰিয়ালৰৰ লোকে সন্দেহ প্ৰকাশ কৰি ঘটনা সন্দৰ্ভত আজি বটদ্ৰৱা  আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷