NEWS NEST ONE , বিশ্বনাথ চাৰিআলি , ১৭ জুলাই ঃ কভিড মহামাৰীত স্বামীহাৰা হোৱা বিধৱা মহিলা সকলৰ বাবে আশাৰ বতৰা ৷ কভিড মহামাৰীত বিধৱা হোৱা মহিলা সকললৈ মূখ্যমন্ত্ৰীয়ে আগবঢ়াইছে সহায়ৰ হাত ৷

বিশ্বনাথত আজি মন্ত্ৰী পিযুষ হাজৰিকাই বিধৱা মহিলা সকলৰ হাতত সাহাৰ্যৰ চেক সমূহ অৰ্পন কৰে ৷ এই উপলক্ষে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুষ্টিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷

৩২ গৰাকী বিধবা মহিলালৈ ২.৫০ লাখ টকাকৈ এককালিন হিচাবে চেক প্ৰদান কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত , চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা আৰু গহপুৰৰ বিধায়ক উৎপল বৰা , সাংসদ পল্লৱলোচন দাসৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী বিষয়া সকল ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ