newsnextone,com | গুৱাহাটীঃ ভাৰতৰ স্কটলেণ্ড জ্বলিছে৷ অশান্তিয়ে বিৰাজ কৰিছে ভাৰতৰ স্কটলেণ্ডত৷ শান্তি বিচাৰি বিশ্বৰ পৰ্যটকে ঢাপলি মেলা ভাৰতৰ স্কটলেণ্ড শ্বিলংত এতিয়া অশান্তিয়ে বিৰাজ কৰিছে৷ যোৱা তিনিটা দিন ধৰি চুবুৰীয়া ৰাজ্য শ্বিলঙত অশান্তিয়ে বিৰাজ কৰাত জনজীৱন ব্যাহত হৈ পৰিছে৷
শিক্ষানুষ্ঠান, ব্যৱসায়প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ হৈ পৰিছে৷ আজিও মেঘালয়ৰ ৰাজধানীত সেনা-আৰক্ষী, অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে গিজগিজাই আছে৷ গৃহবন্দী হৈ পৰিছে জনতা৷ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছে জনতাই৷ ঠায়ে ঠায়ে সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা৷ দেওবাৰেও বিভিন্ন ঠাইত সেনা আৰু আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ কৰে প্ৰতিবাদকাৰীয়ে৷
শিলাবৰ্ষণত আহত হয় কেইবাগৰাকী আৰক্ষী-সাংবাদিক৷ যোৱা ৬০ ঘণ্টা ধৰি সান্ধ্য আইন অব্যাহত থকাৰ মাজতে বাৰে বাৰে প্ৰতিবাদকাৰীয়ে ইটোৰ পিছত সিটো অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে৷ সংঘৰ্ষ স্তদ্ধ কৰিছে সমগ্ৰ শ্বিলং চহৰ৷
শুকুৰবাৰে গোটেই নিশা ধৰি চলা প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে দুখন দোকান ভস্মীভূত কৰাৰ লগতে কেইবাখনো বাহনৰ ক্ষতিসাধন কৰে৷ সমানে আৰক্ষী আৰু সাংবাদিকক আক্ৰমণ কৰে। যাৰ ফলত শনিবাৰে আৰু দেওবাৰেও সান্ধ্য আইন জাৰি কৰা হৈছে৷
শনিবাৰে হিংসাত্মক ঘটনাত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হয়৷ কৰ্তব্যৰত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে আৰক্ষী অধীক্ষক ষ্টীফেন ৰিনজাক বিক্ষোভকাৰীয়ে এডাল লোহাৰ ৰডেৰে আক্ৰমণ কৰে৷ আঘাত প্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক শ্বিলং অসামাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷
বিক্ষোভত আৰক্ষী সহ প্ৰায় ১০ গৰাকী লোক আহত হোৱাৰ খবৰ আহিছে৷ ইফালে থেম মেটোৰৰ অঞ্চলসমূহত অবৈধভাৱে বসবাস কৰি অহা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰি পুনৰ প্ৰতিবাদ আৰম্ভ কৰিছে স্থানীয় ৰাইজে৷
প্ৰতিবাদৰ মাজতে অশান্ত-স্পৰ্শকাতৰ অঞ্চলসমূত একাংশ শিল দলিয়াই আৰক্ষীক আক্ৰমণ কৰে৷ এগৰাকী আৰক্ষীৰ বিষয়াই কয় যে সংঘৰ্ষ ৰোধ কৰিবলৈ ঠায়ে ঠায়ে কন্দুৱা গেছ নিক্ষেপ কৰ হয় যদিও আন আন অঞ্চলসমূহৰ প্ৰতিবাদকাৰীয়ে সুযোগ বুজি আৰক্ষীক আক্ৰমণ আৰম্ভ কৰে৷
উল্লখ্য যে, বৃহস্পতিবাৰে থেম মেটোৰ অঞ্চলত এগৰাকী বাছ সহায়কক স্থানীয় লোকে মাৰপিট কৰিছিল৷ এই ঘটনাৰ পিছতে ৰাজ্যখনৰ পৰিস্থিতি অশান্ত হৈ পৰে৷ আৰক্ষী বিষয়াই কয় যে এই ঘটনাৰ বিষয়ে ছচিয়েল মিডিয়াত ভুৱা প্ৰচাৰ হোৱাৰ পিছতে পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰে৷ ছচিয়েল মিডিয়াত স্থানীয় লোকে মাৰপিট কৰা বাছ সহায়কজনৰ মৃত্যু ঘটা বুলি ভুৱা বাতৰি প্ৰচাৰ হয়৷ ইয়াৰ পিছতে থেম মেটোৰত বাছ চালক আৰু সহায়কসকলে একত্ৰিত হৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷
থেম মেটোৰৰ স্থানীয় লোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে একাংশ উদণ্ড লোকে স্থানীয় যুৱকক ধৰি মাৰপিট কৰাৰ দৰে কাণ্ড সংঘটিত হয়৷ পৰিস্থিতিয়ে ভয়াবহ ৰূপ লোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰতিৰোধ কৰিবৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰে৷ আনহাতে একাংশ উদণ্ড লোকৰ আক্ৰমণত থিম মেটোৰৰ কেইবাজনো স্থানীয় যুৱক গুৰুতৰ ভাৱে আহত হয়৷
পূৱ খাচী হিলচ জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে আইন ব্যৱস্থা বৰ্তাই ৰাখিবৰ বাবে চহৰখনত সান্ধ্য আইন জাৰি কৰা হৈছে৷ তিনিগৰাকী স্থানীয় যুৱকক মাৰপিটত কৰাৰ সৈতে জৰিত এগৰাকী অভিযুক্তক আটক কৰা হৈছে আৰু অন্য অভিযুক্তসকলৰ সন্ধানত অভিযান অব্যাহত আছে৷
ইফালে ভুৱা প্ৰচাৰ ৰোধ কৰাৰ বাবে শনিবাৰৰ পৰা ইন্টাৰনেট সেৱাও বন্ধ কৰা হৈছে৷ জিলা উপায়ুক্ত পিএছ দকহৰে কয় যে লুমদিয়েংগজ্ৰী আৰক্ষী থানা আৰু কৌন্তোনমেন্ট বীত হাউচ ক্ষেত্ৰৰ অন্তৰ্গত ১৪টা অঞ্চলত সান্ধ্য আইন অব্যাহত আছে৷ ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই বাৰে বাৰে এখন উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত কৰি পৰিস্থিত নিয়ন্ত্ৰণ কাৰৰ চেষ্টা কৰি আহিছে৷ ৰাজ্যখনত শান্তি বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷