গোলাঘাট, ১ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো আজিৰে পৰা গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যাভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ হৈছে ।

পোষণ মাহ উপলক্ষে আজিৰে পৰা জিলাখনত মাহযোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেই অনুসৰি প্ৰথম সপ্তাহত অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয় প্ৰাংগণ, পঞ্চায়ত কাৰ্যালয়, ৰাজহুৱা স্থান আদিত গছপুলি ৰোপন কৰা হ'ব । দ্বিতীয় সপ্তাহত গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰীসকলক পুষ্টিকৰ খাদ্য যোগানত গুৰুত্ব আৰোপ কৰি পুষ্টিকৰ ৰন্ধন প্ৰকৰণক উৎসাহিত কৰাৰ বাবে ৰন্ধন প্ৰতিযোগিতা আৰু সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । তৃতীয় সপ্তাহতো পৰিপুষ্টি সম্পৰ্কীয় সজাগতা কাৰ্যসূচীৰ লগতে গৰ্ভৱতী, প্ৰসূতি মাতৃ আৰু শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰা হ'ব । চতুৰ্থ সপ্তাহত পুষ্টিহীনতাত ভোগা শিশুক চিনাক্ত কৰি পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ।

এইবাৰ পোষণ মাহৰ লগতে 'সুৰক্ষিত জননী, বিকশিত ধৰণী'ক বিষয়বস্তু হিচাপে লৈ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়নৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে মাত্ৰু বন্দনা সপ্তাহ উদযাপন কৰা হৈছে । উল্লেখযোগ্য যে এই সপ্তাহৰ উদ্দেশ্য হৈছে আচঁনিখনৰ বিষয়ে জনসজাগতা সৃষ্টি কৰা । এই আঁচনিৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়ন কৰি তিনিটা কিস্তিত ৫০০০টকা প্ৰদান কৰা হয় । ইফালে পোষণ মাহ উপলক্ষে আজি জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত গোলাঘাট নগৰত থকা জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ।

জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাসে কয় যে শিশু অৱস্থাতে সুস্থ সবল কৰি গঢ় দিব পাৰিলেহে ভৱিষ্যতে আমি তেওঁলোকক সু-নাগৰিক হিচাপে গঢ় দিব পাৰিম । ঘৰতে পোৱা সামগ্ৰীৰেও পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।

ইফালে অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে পৰিপুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গাঁৱৰ চুকে-কোনে ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে । ইয়াৰ পূৰ্বে জিলা সমাজ কল্যান বিষয়া শ্ৰীযুতা গৌৰীপ্ৰিয়া দেউৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । সভাত শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ মুখ্য প্ৰকল্প বিষয়া, আই চি ডি এছৰ ছুপাৰভাইজৰ আৰু বিভাগৰ বিষয়ববীয়া তথা কৰ্মীসকল উপস্থিত আছিল । ইয়াৰ সৈতে সংগতি ৰাখি জিলা পৰিষদৰ কাৰ্যালয় প্রাংগনতে স্বাক্ষৰ অভিযান আৰু চেল্ফি ষ্টেণ্ডৰ ব্যৱস্থা কৰা হয় ।