নতুন দিল্লীঃ বিজেপিৰ নেতা শত্ৰুঘ্ন সিনহাই শনিবাৰে কংগ্ৰেছত যোগ দিয়ে৷ এই সন্দৰ্ভত তেওঁ ‘ৱান মেন’ ‘টু মেন আৰ্মী’ বুলি কৈ বিজেপিক লক্ষ্য কৰি কয়৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু ৰণদীপ সূৰ্যেৱালাৰ উপস্থিতিত দলটোত যোগ দিয়ে শত্ৰুঘ্ন সিনহাই। 

শনিবাৰে পটনা চিটিৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ১১৪ সংখ্যক জয়ন্তীৰ অনুষ্ঠান আয়োজিত কৰা হয়৷ য’ত সিনহাই নোটবন্দী, জি এছ টি আৰু ৰাফেলৰ সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহক কটাক্ষ কৰি ‘ৱান মেন শ্ব’ ‘টু মেন আৰ্মী’ বুলি কয়৷ তেওঁ যদিও বিজেপি কিন্তু প্ৰথমে তেওঁ জনতাৰহে হয়৷  
 
ৰাজনীতিৰ পথাৰত তেওঁৰ পত্নী পুনম সিনহায়েও লখনৌৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বিৰুদ্ধে নিৰ্বাচনত থিয় দিয়াৰ সম্ভাৱনা আছে৷ এই বিষয়ত সংবাদদাতাই সিনহাক প্ৰশ্ন কৰাত তেওঁ কয় যে বহুতো কিবাকিবি হোৱাৰ সম্ভাৱনা আছে৷ বিজেপিয়ে মোৰ কথা অলপো গুৰুত্ব নিদিয়ে৷ আনকি নেতাসকলৰ মতামত তথা মাৰ্গদৰ্শন কৰা মণ্ডলৰ বৈঠক কাহানিও নহ’ল৷ 

দৰাচলতে ২০০৯ বৰ্ষত বিজেপিত যোগদান দিছিলি সিনহাই৷ কিন্তু ইমান বছৰ অতিক্ৰম কৰাৰ পাছতো বিজেপি দলত তেওঁক কোনোধৰণৰ গুৰুত্বৰ তথা সন্মান দিয়া হোৱা নাছিল বুলি বিবেচিত হৈছে৷ মোডী চৰকাৰ তীব্ৰ ব্যাকৰে নিক্ষেপ কৰি কংগ্ৰেছত তেওঁৰ স্থিতি বনাবলৈ কিমানখিনি সক্ষম হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷