News Next One , বিশ্বনাথ চাৰিআলি , ২৩ আগষ্ট ঃ ভাৰতৰ সংবিধানত অষ্টম অনুসুচীত অন্তভুক্তিৰ পাছত ক্ৰমে ভাষা চৰ্চা , প্ৰচাৰ ,প্ৰসাৰ তথা শৈক্ষিক দিশত এলাগি হৈ পৰিছে চাওঁতালী ভাষা ৷অসমত প্ৰায় দহ লক্ষাধিক চাওঁতাল ভাষী লোকসকলে ভাষা চৰ্চাৰ বাবে বিশেষ চৰকাৰী আইনগত সুবিধা নথকাৰ বাবে এক প্ৰকাৰ চাওঁতালীভাষী লোক সকলে শৈক্ষিক ক্ষেত্ৰত শংকিত হৈ পৰা পৰিলক্ষিত হয় ৷

চাওঁতালী বিভিন্ন দল সংগঠনে একাধিকবাৰ চাওঁতালী নিজস্ব অল চিকি লিপিৰে ভাষা চৰ্চা আৰু প্ৰাক প্ৰাথমিক স্তৰত চাওঁতালী মাধ্যমৰ অলচিকি লিপিক অন্তভুক্তিৰে পাঠদানৰ দাবী উথথাপন কৰি অহাৰ পাছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে চাওঁতালীৰ বিভিন্ন দল সংগঠনে ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক ক্ষোৰধাৰ সমালোচনা কৰি সদ্যগঠিত অসম চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কোষাধ্যক্ষ কৰ্ণেশ্বৰ বেশ্ৰাই কয় যে চাওঁতালী ভাষা অসমৰ বহুপুৰণি আৰু খিলঞ্জীয়া তথা সংবিধানৰ অষ্টম দফাৰ স্বীকৃত ভাষা ৷

এই ভাষা চৰ্চা কৰাৰ ক্ষেত্ৰত চৰকাৰে যথোচিত সুবিধা প্ৰদান কৰা নাই ৷ তৎস্বত্বেও চাওঁতালী ভাষী লোকসকলে ভাষা চৰ্চা আৰু সাহিত্যৰ লগতে শৈক্ষিক দিশত সমানে আগবাঢ়ি যাবলৈ দৃঢ় সংকল্পবদ্ধ ৷ শৈক্ষিক দিশ সন্দৰ্ভত বেশ্ৰাই উল্লেখ কৰে যে অসমত পুৰ্বৰে পৰাই বসবাস কৰি অহা চাওঁতাল সকল বিশেষকৈ শিক্ষাদীক্ষাত একেবাৰে পিছপৰি ৰৈছে ৷মুখ্যতঃ ভাষাৰ সমস্যাৰ বাবে চাওঁতালীভাষী ছাত্ৰ ছাত্ৰী সকলৰ বাবে শিক্ষা এক হেঙাৰ হৈ পৰিছে ৷

এই ক্ষেত্ৰত চৰকাৰে চাওঁতালীভাষী ছাত্ৰছাত্ৰী সকলৰ বাবে সুকীয়াকৈ শৈক্ষিক নীতি প্ৰবৰ্তনেৰে অতি শীঘ্ৰেই অসমৰ শিক্ষা নীতিৰ আধাৰত চাওঁতালী নিজস্ব অল চিকি লিপিত চাওঁতালী মাধ্যমত পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰক দাবী জনাই ৷ইয়াৰ প্ৰাক আৰম্ভণি স্তৰৰ পদক্ষেপ স্বৰূপ আজি শোণিতপুৰ জিলাৰ টুপীয়াত চাওঁতালী মাধ্যমৰ অলচিকি লিপিত পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চাওঁতাল ভাষাৰ প্ৰাক প্ৰাথমিক স্তৰৰ শিক্ষাদানৰ কেন্দ্ৰ এটি মুকলি কৰে ৷

শোণিতপুৰ জিলা চাওঁতালী মহিলা সমিতিৰ উপসভানেত্ৰী ৰীণা হেমৰমে আনুষ্ঠানিক পুৰ্বক চাওঁতালী মাধ্যমৰ শিক্ষাদানৰ কেন্দ্ৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানৰ আত ধৰে অসম চাওঁতালী সাহিত্য পৰিষদৰ কোষাধ্যক্ষ কৰ্ণেশ্বৰ বেশ্ৰাই ৷শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহন কৰে ক্ৰমে শিক্ষক সমাজকৰ্মী কান্ত মুৰ্মুকে প্ৰমুখ্য কৰি নদুৱাৰ ব্লক পাৰগানা বাবুৰাম বেশ্ৰা , শোণিতপুৰ জিলা আদিবাসী সে্ঙ্গেল অভিযানৰ উপসভাপতি মন্টো মুৰ্মুকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ স্থানীয় চাওঁতালী ভাষী ৰাইজেও শেহতীয়াকৈ লোৱা এই শৈক্ষিক পদক্ষেপক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ