newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ এটা গুহাত আবদ্ধ হৈ থকা ১২ গৰাকী শিশু ফুটবল খেলুৱৈ আৰু তেওঁলোকৰ ফুটবল প্ৰশিক্ষকক উদ্ধাৰৰ সময়ত বৃহস্পতিবাৰে আন এক দুৰ্ঘটনা সংঘটিত হয়৷ উদ্ধাৰৰ বাবে যোৱা উদ্ধাৰকাৰী দলৰ এজন প্ৰাক্তন নেভী ছীল কমাণ্ডোৰ গুহাৰ পৰা অভটি অহাৰ পথত অক্সিজেনৰ অভাৱত মৃত্যু ঘটে৷ 

উদ্ধাৰ অভিযান চলাই থকা হৈছে যদিও প্ৰতিকূল বতৰৰ বাবে অভিযানত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে৷ বতৰ বিভাগে দুদিন পিছত সেই অঞ্চলত প্ৰচণ্ড বৰষুণৰ আগজাননী প্ৰদান কৰিছে৷

ইফালে অক্সিজেনৰ অভাৱত নেভী ছীল কামাণ্ডোৰ মৃত্যু ঘটাৰ পিছত গুহাত আবদ্ধ ১১-১৪ বছৰীয়া ফুটবল খেলুৱৈ কেইজনৰ সুৰক্ষিত উদ্ধাৰক লৈ প্ৰশ্নৰ উত্থাপন হৈছে৷ 

উল্লেখ্য যে, চিয়াং ৰায় প্ৰান্তৰ থাম লুৱাংগ গুহাত ধাৰাসাৰ বৰষুণৰ বাবে আবদ্ধ হৈ পৰিছিল ১২ গৰাকী ফুটবল খেলুৱৈ আৰু প্ৰশিক্ষক৷ গুহাৰ চৌপাশে বানৰ সৃষ্টি হোৱাৰ ফলত তেওঁলোক গুহাৰ ভিতৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰি বিফল হয়৷ গুহাৰ চাৰিওফালৰ পথ বিপদ সংকুল আৰু বোকাময় হোৱা বাবে উদ্ধাৰকাৰী দলেও উদ্ধাৰ অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে৷

চিয়াং ৰায়ৰ ৰাজ্যপাল নাৰোংগচাক ওচোথানকোৰ্ণে বৃহস্পতিবাৰে পুৱা সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয়, ‘প্ৰথমে আমাৰ বাবে সময় প্ৰত্যাহ্বান হিচাপে থিয় দিছিল৷ কিন্তু এতিয়া প্ৰতিকূল বতৰ আমাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে৷’ আনহাতে বতৰ বিভাগে চিয়াং ৰায় ক্ষেত্ৰত দুদিনৰ ভিতৰত প্ৰচণ্ড বৰষুণৰ ইংগিত দিছে৷ যাৰ ফলত জলপৃষ্ঠ বৃদ্ধি হৈ গুহাৰ ভিতৰত আবদ্ধ হৈ থকা খেলুৱৈ কেইজনৰ জীৱন অধিক বিপদাপন্ন হোৱাৰ আশংকা কৰা হৈছে৷

আনহাতে যোৱা কিছুদিন চিয়াং ৰায়ত বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাত তৎকালীনভাৱে আবদ্ধ শিশু কেইজনৰ উদ্ধাৰৰ কথা চিন্তা কৰিছে উদ্ধাৰকাৰীৰ দলে৷ যদি বৰষুণ নহয়, তেন্তে থাম লুৱাংগ গুহাৰ পৰিসৰৰ পৰা তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা যাব বুলি উদ্ধাৰকাৰী দলে জানিবলৈ দিয়ে৷

জানিব পৰা মতে, গুহাৰ প্ৰৱেশ মুখৰ পৰা শিশু আৰু প্ৰশিক্ষকজনে আশ্ৰয় লৈ থকা ঠাইত উপস্থিত হ’বৰ বাবে ১১ ঘন্টা সময়ৰ প্ৰয়োজন হয়৷ ইয়াৰে যাওতে ৬ ঘন্টা আৰু উভটি আহোতে ৫ ঘন্টা সময় লাগে৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, বৃহস্পতিবাৰলৈ গুহাৰ পৰা প্ৰায় ১২৮ মিলিয়ন লিটাৰ পানী পাম্পৰ জৰিয়তে বাহিৰ কৰা হয়৷

ইফালে, উদ্ধাৰ কাৰ্যৰ বিশেষজ্ঞই জনোৱা মতে, পানীত কীট পতংগ আৰু গছৰ ঠাল-ঠেঙুলি আদিও থাকিব পাৰে৷ যাৰ পৰা আবদ্ধ শিশুকেইজন আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ গুহাৰ প্ৰৱেশ দ্বাৰেদি প্ৰৱেশ কৰি উদ্ধাৰ অভিযান চলোৱাৰ বাহিৰেও পাহাৰীয়া ক্ষেত্ৰৰ খনন কৰি উদ্ধাৰ কাৰ্য চলোৱাৰ বিকল্পৰ কথাও প্ৰকাশ কৰিছে বিশেষজ্ঞই৷ কিন্তু সেয়া অতি কঠিন কাৰ্য হ’ব৷ ইয়াৰ বাবে অধিক সা-সৰঞ্জামৰ প্ৰয়োজন হ’ব আৰু সঠিক ঠাইত খনন চলাই আবদ্ধসকলক উদ্ধাৰ কৰাটো কঠিন হ’ব৷ 

গুহাৰ ভিতৰত পানী বৃদ্ধি ৰোধ কৰিবলৈ গুহাৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে৷ থাই নৌ বাহিনীয়ে গুহাৰ ভিতৰত জমা হোৱা পানী বাহিৰলৈ উলিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু গুহাৰ ভিতৰৰ পানী অতি কম পৰিমানে হ্ৰাস পোৱাত উদ্ধাৰকাৰী বিমোৰত পৰিছে৷