বালিপাৰাঃ বনৰীয়া হাতীৰপৰা পৰিত্ৰাণ কেতিয়া পাব শোণিতপুৰবাসীয়ে। প্ৰতিদিনে জিলাখনৰ কোনোবা নহয় কোনোবা ঠাইত হাতী-মানুহৰ সংঘাতৰ ফলত ধনজনৰ ক্ষতি হোৱাৰ বাতৰি প্ৰকাশ হৈ আহিছে।

শোনিতপুৰ জিলাত ক্ৰমাৎ বৃদ্ধি  হৈ অহা হাতী মানুহৰ সংঘাত ৰুধিবলৈ চৰকাৰ কিম্বা বন বিভাগে উচিত পদক্ষেপ লোৱা দেখা নাযায়। একাংশ লোকে জনাঞ্চল বেদখল কৰি ঘৰ সাজি বাস কৰিব লোৱাত হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি হোৱা বুলিও কব খোজে।

বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰতিদিনে খাদ্যৰ সন্ধানত বনৰীয়া  হাতী জনাঞ্চলত প্ৰৱেশ কৰি গাঁওবাসীৰ ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। ইতিমধ্যে ৰঙাপৰা আৰক্ষী থানাৰ বহুকেইটা অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই গাঁওবাসীৰ ঘৰ-বাৰী ভাঙি খেতি-পথাৰ বিনষ্ট কৰাৰ লগতে বহুকেইজন নিৰীহ লোকে হাতীৰ আক্ৰমণত প্ৰান হেৰুৱাব লগীয়া হৈছে।

হাতী-মানুহৰ সংঘাতৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহাৰ সময়তে বুধবাৰে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গড়মৰা, মোলান পুখুৰী, নলঘাগুৰি, ৰঙাগড়া অঞ্চলত জাকৰপৰা ফালৰি কাটি এটি বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই গাঁওবাসীৰ নিদ্ৰা হৰণ কৰিছে।

হাতীটো নিশা প্ৰায় ১২.৩০ বজাত প্ৰথনে মোলান পুখুৰী গাঁৱত প্ৰৱেশ কৰি দীনেশ ৰাওতিয়া নামৰ ব্যক্তিজনৰ ঘৰত ঘৰ ভাঙি চুৰমাৰ কৰে। পাছত হাতীটোৱে ১নং নলঘাগুৰি গাঁৱৰ বুদ্ধিমান নেৱাৰ নামৰ লোকজনৰ পথৰ কাষতে থকা দোকান এখন ভাঙি পেলায়৷