গেইথোৰ্ণঃ একবিংশ শতিকাতো স্থলপথ নোহোৱাকৈয় চলিছে নেডাৰলেণ্ডৰ এখন গাঁও৷ নেডাৰলেণ্ডৰ গেইথোৰ্ণ গাৱঁখনত কেৱল জলপথেৰেই পৰিবহন কৰে গাওঁবাসীয়ে৷ ২৬০০ জনসংখ্যাৰ উক্ত গাওঁখন সৰ্বমূঠ ১৮০ খন দলং আছে৷

অৱশ্যে চাইকেল চলোৱাৰ বাবে কোনোমতে এটা পথ নিৰ্মাণ কৰা হৈছে গাওঁখনত৷ চীনৰ পৰ্যটকৰ মাজত খুবেই জনপ্ৰিয় এই গাওঁ৷ বছৰি প্ৰায় ১৫ হাজাৰৰপৰা ২০ হাজাৰ পৰ্যটকৰ আগমন ঘটে গাওঁখনত৷  

১৯৭৩ চনৰ পৰা গেইথোৰ্ণৰ পৃথক পৌৰসভা আছে৷ "লিটিল ভেনিচ" বুলিও গেইথৰ্ণক আখ্যা দিয়ে বহুতে৷ ১৯৫৮ চনত ডাটচ্ চলচিত্ৰ নিৰ্মাতা বাৰ্ট হানস্ত্ৰাই তেওঁৰ বিখ্যাত  চলচিত্ৰ "ফেনফয়াৰ" গেইথোৰ্ণত নিৰ্মাণৰ পিছতেই সমগ্ৰ বিশ্বতে গাওঁখন বিখ্যাত হৈ পৰিছিল।