ডিজিটেল ডেস্কঃ ফেচবুকৰ আপডেট হোৱাটছএপৰ এটা মেচেজ কাল হ'ব পাৰে আপোনাৰ বাবে৷ হ'ব পাৰে কাৰাবাস পৰ্যন্ত৷ বাকস্বাধীনতা থকা এইখন দেশত সাধাৰণ মেচেজ এটাই কাল হ'ব পাৰে৷ তেনেই এক ঘটনা সংঘটিত হ'ল এজন যুৱকৰ সৈতে৷ এটি সাধাৰণ মেচেজে আউল লাগালে যুৱক জনৰ জীৱনত৷

ফেচবুকত কৰা মন্তব্যৰ বাবে ৪২ দিন জেলত থাকিব লগা হৈছে ১৮ বছৰীয়া জাকিৰ আলি ত্যাগী নামৰ যুৱকজনে। অপৰাধ, ফেচবুকত কাৰো নাম উল্লেখ নকৰাকৈ তিনিটা প্রশ্ন উত্থাপন কৰিছিল, কিদৰে গংগা নদী জীৱিত হ’ব পাৰে আৰু ৰাম মন্দিৰক কেন্দ্র কৰি বিজেপিৰ পৰৱৰ্তী পৰিকল্পনা কি। এয়াই কাল হ'ল জাকিৰৰ।এপ্রিল মাহত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে জাকিৰ আলিক। দুদিন পূৰ্বে জেলৰ পৰা মুক্তি লাভ কৰিলে জাকিৰে।

জাকিৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰা আৰু আইটি এক্টৰ চেক্সন ৬৬ৰ অন্তর্গত গোচৰ ৰুজু কৰা হয়। জেলত থকা কালত শৌচাগাৰত যোৱাৰ বাবেও টকা দিব লগা হয় জাকিৰে৷ কাৰাগাৰত অকথ্য নিৰ্যাতন শাৰীৰিক অত্যাচাৰ কৰা হয়। ইমানে নহয় সন্ত্রাসবাদী বুলি আখ্যা দিয়া হয়। ৪২ দিন পিছত জেলৰ পৰা মুকলি হৈ স্থানীয় উদ্যোগত এটাত কৰি থকা চাকৰিও হেৰাই তেও। জাকিৰ উত্তৰ প্ৰদেশৰ মোজাফ্ফৰ নগৰৰ বাসিন্দা।