তেজপুৰঃ অসমীয়া ভাষাক ৰক্ষা কৰাৰ বাবে আন্দোলন কৰিবলৈ ওলাই আহি প্ৰাণ আহুতি দিছিল বহু অসমীয়া ডেকাই৷ ভাষা আন্দোলন, মাধ্যম আন্দোলনৰ জৰিয়তে অসমীয়া ভাষাটোক জীয়াই ৰাখিছিল আমাৰ পূৰ্বজসকলে৷ ১৯৬০ চন আৰু ১৯৭২ চনত দুবাৰকৈ আন্দোলন কৰাৰ পাছতো যেন আজিও সুৰক্ষিত ন’হল অসমীয়া ভাষা৷
অসম চৰকাৰে অসমত ইতিমধ্যে স্থাপন কৰা আৰু নতুনকৈ স্থাপন কৰিব বিচৰা আদৰ্শ বিদ্যালয়সমূহ মাতৃভাষাৰ মাধ্যম তথা ৰাজ্যিক ব'ৰ্ড স্থাপনৰ দাবীত পুনৰাই ৰাজ্যবাসীয়ে প্ৰতিবাদ কৰিবলগীয়া হৈছে৷ অসমীয়া ভাষাটো আদৰ্শ বিদ্যালয়সমূহৰ পৰা নাইকিয়া কৰি বিদ্যালয়সমূহ কেন্দ্ৰীয় ব'ৰ্ডৰ অধীনলৈ নিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে৷
এই পৰিকল্পনাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তেজপুৰতো সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা, ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি জিলাখনৰ আটাইকেইটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত চহৰখনৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
১৯৬০ চনৰ ভাষা আন্দোলন ১৯৭২ৰ মাধ্যম আন্দোলনৰ জীৱন ত্যাগ কৰা সকলক চৰম অপমান কৰি আদৰ্শ বিদ্যালয়সমূহ কেন্দ্ৰীয় বৰ্ডৰ অধীন কৰি মাতৃভাষাৰ ছাত্ৰ-ছাত্ৰীসকলক ধ্বংসৰ মুখলৈ ঠেলি দিয়া কাৰ্য্যক গ্ৰহণ কৰা নহ'ব বুলি অসম চৰকাৰক সকীয়াই দিয়ে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে৷