বঢ়মপুৰঃ শিলচৰৰ অপহৃত এজন ব্যক্তি আজি ৰহস্যজনকভাৱে নগাঁও জিলাৰ ৰূপহীহাটত উদ্ধাৰ হয়৷ নগাঁৱৰ উপ-আৰক্ষী অধিক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই ঝৰাতনীৰ পৰা উদ্ধাৰ কৰে ব্যক্তিজনক।

শুক্ৰবাৰে নিশা অপহৃত হৈছিল ফকৰুদ্দিন চৌধৰী নামৰ শিলচৰৰ কাটিগড়াৰ গৰু ব্যৱসায়ীজন। উপৰ্যুপৰি আক্ৰমণ কৰি এটা দুৰ্বৃত্তৰ দলে এখন ট্ৰেভেলাৰ গাড়ীৰে অপহৰণ কৰিছিল লোকজনক। পাছত লোকজনৰ পৰিয়ালক ১৩ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে।

ৰূপহীহাটৰ ঝৰাতনীৰ হাফিজুদ্দিন নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা ব্যক্তিজনক অপহৰণত চামছুল নামৰ এজন লোক সহ ছজন লোক জড়িত থকাৰ কথা সদৰী কৰিছে অপহৃত ব্যক্তিজনে।

অৱশ্যে পলাতক হৈ আছে আটাইকেইজন অভিযুক্ত৷ তেওঁলোকৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।