বাঘবৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত নৈ-উপনৈসমূহৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে বৰপেটা জিলাতো তাণ্ডৱ চলাইছে বানে। জিলাখনৰ বাঘবৰ আৰু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় অৰ্ধশতাধিক ৰাজহ গাঁও আহাৰমহীয়া বানত প্লাৱিত হৈছে।
উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যখনৰ মাথাউৰিসমূহৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল যদিও বৰপেটা জিলাৰ সৰ্ববৃহৎ বাঘবৰ-বহৰি সংযোগী মথাউৰি মেৰামতি আজিলৈকে ৰূপায়ণ নহ'ল। যাৰ ফলত ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ঠ বাঢ়ি অহাত বাঘবৰ, বৰপেটা আৰু চেঙা সমষ্টিৰ মাজেৰে বৈ যোৱা জিলাখনৰ বৃহৎ মাথাউৰিলৈ বিপদ মাতিছে।
বহু ঠাইত নৈয়ে ক্ৰমান্বয়ে কাষ চাপি অহাত ভঙাৰ ভাবুকি কঢ়িয়াই আনিছে। ইতিপূৰ্বে কালৰূপী ব্ৰহ্মপুত্ৰই কেইবাটাও ঠাইতে ভাঙি পেলোৱাত নতুনকৈ নিৰ্মাণ কৰিছে যদিও তাৰ অৱস্থাও বৰ্তমান জৰাজীৰ্ণ। এই মাথাউৰিটোৰ দুয়ো কাষে বসবাস কৰিছে সমষ্টিকেইটাৰ গৰাখহনীয়াই সৰ্বহাৰা হোৱা হাজাৰ-হাজাৰ পৰিয়াল।
সমষ্টি দুটাত পৰ্যাপ্ত বাট-পথ নথকাত বছৰৰ পিছত বছৰ ধৰি খৰালি অথবা বাৰিষাৰ সময়তো চৰ-চাপৰিৰ শ শ গাঁৱৰ ৰাইজে তেনেকৈয়ে যাতায়ত অব্যাহত ৰাখিছে। বাঘবৰ, ৰামাপাৰা, সোণাবাড়ী, উজিৰৰ চৰ, কদমতলা, ধৰ্মপুৰ, বাঘমাৰা, আলোপতি মাজৰ চৰ, চাছৰা, মাণিকপুৰ, দিঘীৰপাম, বামুন দংৰা, ৰহমপুৰ, গৰেমাৰী হাবি, কেধৰিকে ধৰি কেবাখনো গাঁৱৰ ৰাইজে নিতৌ ভগ্ন মথাউৰিৰে বিপদসংকুল ভাৱে অহা-যোৱা কৰিবলৈ বাধ্য হৈ পৰিছে।
কিন্তু মথাউৰি মেৰামতিৰ লগতে কাষ চাপি অহা কালৰূপী ব্ৰহ্মপুত্ৰ নৈৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ সময় নাপালে পৰিৱৰ্তনকামী চৰকাৰখনে। যাৰ ফলত শ শ গাঁৱৰ ৰাইজে আতংকিত হৈ নিশাৰ নিদ্ৰা হেৰুৱাইছে। ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক শ্বেৰমান আলী আৰু জিলা প্ৰশাসনক কাকুতি-মিনতি কৰাৰ পাছতো কোনো সুফল নোপোৱাত এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আশাৰে বাট চাই ৰৈছে।