মিছামাৰীঃ শোণিতপুৰ জিলাৰ বৃহৎৰ মিছামাৰী অঞ্চলৰ ধনখনা মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি দিনযোৰা কাৰ্যসূচীৰে নেপালী ভাষা সাহিত্যৰ আদি কবি ভানু ভক্ত আচাৰ্য দেৱৰ জন্ম জয়ন্তী পালন কৰা হয়।
অসম নেপালী সাহিত্য সভা মিছামাৰী শাখাৰ সৌজন্যত আয়োজিত ভানু জয়ন্তীৰ লগত সংগতি ৰাখি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলকো একেখন মঞ্চতে উদ্যোক্তাসকলে বিশেষ ভাৱে সম্বর্ধনা জনায়। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত মিছামাৰী শাখা নেপালী সাহিত্য সভাৰ সভাপতি চক্ৰপাণি উপাধ্যায়ৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে সম্পাদক দেৱীৰাম ৰাই নেপালী আদিকবি ভানু ভক্ত আচাৰ্যৰ প্ৰতিছবিত মাল্যৰ্পণ কৰে।
ইয়াৰ পাছতে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা। '' অ মোৰ আপোনাৰ দেশ '' জাতীয় সঙ্গীতৰ নেপালী ভাষালৈ অনুবাদ কৰা সমবেত সংগীতৰে আৰম্ভ হয় এই মুকলি সভা। মিছামাৰী গাঁও পঞ্চায়তৰ সভাপতি টিকু চুব্বাৰ উদ্বোধনী ভাষণৰ পিছতে মিছামাৰী শাখা নেপালী সাহিত্য সভাৰ সভাপতি চক্ৰপাণি উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত শোণিতপুৰ জিলা নেপালী সাহিত্য সভাৰ সভাপতি ডিল্লীৰাম খনালে নিৰ্দ্দিষ্ট বক্তাৰ ভাষণত নেপালী আদি কবি ভানু ভক্তৰ জন্ম, কৰ্ম জীৱনিৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে।
তেওঁৰ উপৰি সভাৰ বিশিষ্ট অতিথি মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে গোপীনাথ শৰ্মা আৰু ৰজত চন্দ্ৰ কলিতাই আদি কবিগৰাকীৰ জীৱন আৰু সৃষ্টিৰাজি সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। উক্ত সভাৰ শেষত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু একোটা কলমেৰে অভিনন্দন জনায়। আনহাতে ইয়াৰ আগদিনাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতাত কৃতিত্ব লাভ কৰা প্ৰতিযোগীসকলকো উক্ত সভাতে পুৰস্কৃত কৰা হয়।