মঙলদৈঃ আদিবা হুছেইন। মঙলদৈৰে এক গাঢ় সম্পৰ্ক ৰক্ষা কৰা আদিবাই মুম্বাইত এতিয়া ব্যাপক চৰ্চাৰ মুখামুখি হৈছে। আৰু এই চৰ্চাৰে বাৰে বাৰে উচ্চাৰিত হৈছে অসমৰ নাম। মায়ানগৰীত আদিবাৰ উপস্থিতিয়ে সম্প্ৰতি চমৎকৃত কৰিছে সকলোকে। সকলোৱে দৃষ্টি ৰাখিছে আদিবাৰ ওপৰত। কিন্তু কিয় এই চৰ্চা? কি কৰিলেনো আদিবাই? সঠিক উত্তৰৰ বাবে বাট চাব লাগিব অহা ২৮ জুলাইলৈ।
গুৰুত্বপূৰ্ণ যে, ৬ বছৰ বয়সতেই আদিবা হুছেইনে খোপনি পুতিছে মায়াময় বলীউডত। অলেখ সম্ভাৱনা আৰু প্ৰতিশ্ৰুতি বহন কৰা মঙলদৈৰ নাতিনী এই কণমাণিজনীয়ে স্ব-প্ৰতিভাৰে উজ্বলি উঠি জিলিকাইছে অসমৰো নাম । সেয়ে, সম্প্ৰতি আদিবাৰ নাম পুনৰ চৰ্চালৈ আহিছে 'ইন্দু সৰকাৰ'ৰ বাবে।
হয়, যদি আপুনি বলিউদৰ শেহতীয়া খবৰ ৰাখিছে তেন্তে নিশ্চয় ঠাৱৰ কৰিব পাৰিছে যে, বিশিষ্ট চিনেমা পৰিচালক মধুৰ ভাণ্ডাৰকাৰৰ নৱতম চিনেমা 'ইন্দু সৰকাৰ'ত শিশু শিল্পী ৰূপে এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে এই কণমাণিয়ে। অহা ২৮ জুলাইত মুক্তি লাভ কৰিবলগীয়া চিনেমাখনত কৰা অভিনয়ৰ বাবে "ইন্দু সৰকাৰ" টীমৰ দ্বাৰা প্ৰশংসিত হৈছে আদিবা। ইতিমধ্যে মুক্তিৰ পূৰ্বেই চৰ্চালৈ আহিছে "ইন্দু সৰকাৰ"।
মঙলদৈৰ ২নং ৱাৰ্ডৰ চৈয়দা জাহান মহম্মদ হুছেইন আৰু মুম্বাইৰ চৈয়দ মহম্মদ হুছেইনৰ কন্যা আদিবাই জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ আৰু নিৰ্মিত কৌৰ অভিনীত "এয়াৰ লিফ্ট্" চিনেমাখনত প্ৰথমবাৰৰ বাবে শিশু শিল্পীৰূপে অভিনয়ৰ পাতনি মেলে। প্ৰথম চিনেমাখনত কৰা অভিনয়ৰ যোগেদিয়েই সুকীয়া স্থান দখল কৰি বলীউডত সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হয় তেওঁ।
সম্প্ৰতি ইউ এছ অ’ট্ছৱাল ইংলিছ একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আদিবাৰ 'ইন্দু সৰকাৰ'ৰ পিছতেই অহা আগষ্ট মাহত মুক্তি পাব আন এখন চিনেমা "জ’ন আদম"। এইখন চিনেমাতো আদিবাই শিশু শিল্পী ৰূপে অভিনয় কৰিছে। দুয়োখন চিনেমাক লৈ যথেষ্ট আশাবাদী কণমানি আদিবাৰ লগতে পিতৃ মাতৃ আৰু মঙলদৈৰ আইতা-ককাক।
গ্ৰীষ্মৰ বন্ধৰ বাবে সম্প্ৰতি মঙ্গলদৈৰ ককাক আইতাকৰ ঘৰত আদিবা। অসমক ভাল পোৱা, অসমৰ সংস্কৃতিক ভাল পোৱা আদিবাৰ ইচ্ছা অসমীয়া চিনেমাত অভিনয় কৰা। মেগাষ্টাৰ অমিতাভ বচ্চন¸ অক্ষয় কুমাৰ¸ আদিকে ধৰি বহুতো নামী-দামী অভিনেতাৰ লগত অভিনয় কৰি মঙলদৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা আবিদাই বুকুত বান্ধি ৰাখিছে অযুত সপোন।