আন্তৰাষ্ট্ৰীয় সন্মান পুনৰবাৰ অসম সন্তান আদিল হুচেইনলৈ

ডিজিটেল ডেস্ক,১ চেপ্টেম্বৰঃ নিজৰ অভিনয় দক্ষতাৰে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা অসম সন্তান আদিল হুছেইনলৈ পুনৰ আহিছে আন্তৰাষ্ট্ৰীয় সন্মান৷ ৱাশ্বিংটন ডিচি দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত “ৰাহগীৰ” ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে অসম সন্তান আদিল হুছেইনে। অভিনেতা জনে নেজে টুইটাৰ যোগে ৰাজহুৱা কৰিছে এই কথা। জেষ্ঠ অভিনেতা জনৰ সফলতাক লৈ এতিয়া উৎসাহী অসমৰ জনতা। উল্লেখ্য যে ২০১৯ চনত নিৰ্মিত ৰাহগীৰ বোলছবিখনৰ পৰিচালক হ’ল গৌতম ঘোষ৷প্ৰফুল্ল ৰয়ৰ কাহিনীৰে নিৰ্মিত চলচ্চিত্ৰ খনিত আদিল হুছেইনৰ বিপৰীতে অভিনয় কৰিছে তিল্লোতমা সোমে৷