newsnextone.com | ডিজিটেল ডেস্কঃ পবিত্ৰ ৰমজান মাহ চলি থকাৰ সময়তে সোমবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ সন্মুখত আত্মাঘাটী বোমাৰুৱে বোমা বিস্ফোৰণ সংঘটিত কৰাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু হয়৷ বিস্ফোৰণত শিশু-মহিলা সহ ২৫গৰাকী লোক আহত হয়৷

কাৰ্যালয় চলি থকাৰ সময়তে মুখ্য গেটত বিস্ফোৰণ ঘটায়৷ চৰকাৰী মুখপাত্ৰ নাজীৱ দানিছে জনোৱা মতে, আহত হৈছে কেইবাগৰাকী মহিলা আৰু শিশু৷ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ কৰ্মচাৰীৰো মৃত্যু হয়৷ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে আইচিচে৷