ডিজিেল ডেস্কঃ পাঁচটা দশক পিছত হ’ল নৈঃশব্দৰ শাপমোচন। দেওবাৰে কাশ্মীৰৰ বৃহত্তম কেথেলিক গির্জাত সুগম্ভীৰ ঘণ্টাটো বাজি উঠিল, আৰু সাক্ষী হৈ ৰ’ল হিন্দু-মুছলিম-খ্রিষ্টান সকলো ধৰ্মাৱলম্বী নাগৰিক।

৫০ বছৰ আগতে ১৯৬৭ চনত মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রতিবাদৰ বিক্ষোভে যি উগ্ৰ ৰূপ লৈছিল, তাতেই ধ্বংস হৈছিল গির্জাৰ সুবৃহত ধন্টাটো। দেওবাৰে পুৱা শহৰৰ ১২০ বছচীয়া প্রাচীন হোলি ফেমিলি কেথেলিক গিৰ্জাত স্থাপন হ’ল ১০৫ কেজি ওজনৰ নতুন ঘণ্টা।

দেওবাৰে অনুষ্ঠিত কৰা অনুষ্ঠানত উপস্থিত আছিল শ্রীনগৰ নিবাসী খ্রিষ্টান সম্প্রদায়ৰ ৩০টা পৰিয়ালৰ সদস্যবোৰ। তেওঁলোকৰ অনুদানতেই গঢ়া হৈছে সুবৃহত ঘণ্টাটো। লগতে গির্জা প্রাঙ্গনত উপস্থিত আছিল হিন্দু, মুছলিম আৰু শিখ ধর্মাৱলম্বী বাসিন্দাও।

ঘণ্টা বদলি কৰোতে ইমান দীর্ঘ সময় লগাৰ কাৰণ হিচাপে স্থানীয় বাসিন্দাই জানিবলৈ দিয়ে যে, 'শ্রীনগৰত খ্রিষ্টান ধর্মাৱলম্বী লোকৰ সংখ্যা তেনেই নগণ্য। সেয়ে নতুন ধণ্টা স্থাপনৰ কাৰণে প্রয়োজনীয় অর্থ সংগ্রহ কৰোতে কিছু সময় লাগিল।'