পাঠশালাঃ ব্যাপক বিসংগতিৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে পুনৰ পোহৰলৈ আহিছে ছেবাৰ আন এক বিসংগতি৷ বজালী মহকুমাৰ বাঘমাৰাত যোৱা শনিবাৰে অনুষ্ঠিত হোৱা সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত বিতৰণত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ 

বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত সমাজ বিজ্ঞানৰ পৰীক্ষাৰ দিনা ৰাজ্যৰ আন প্ৰান্তৰ পৰীক্ষাৰ্থীক দিয়া কাকতৰ বিপৰীতে ৫৯গৰাকী ছাত্ৰ-ছাত্ৰীক অন্য কাকত বিতৰণ কৰে৷ অভিযোগ মতে উক্ত দিনা ৫৯গৰাকী ছাত্ৰ-ছাত্ৰীকেই হালধীয়া ৰঙৰ প্ৰশ্নকাকত বিতৰণ কৰিছিল৷

ঘটনাটো পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে স্থানীয় জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই বিসংগতিৰ ক্ষেত্ৰত নিজাববীয়া তদন্ত আৰম্ভ কৰে৷ আজি দুয়োটা সংগঠনে পৰীক্ষাৰ্থীক দিয়া হালধীয়া ৰঙৰ প্ৰশ্নকাকতখিনি ইতিপূৰ্বে বাতিল হোৱা আৰু আৰক্ষী থানাত ৰাখি থোৱা প্ৰশ্নকাকত বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি পৰীক্ষা কেন্দ্ৰটোত প্ৰতিবাদ সাব্যস্ত কৰে৷

বড়ো মাধ্যমৰ ৫৯গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ অধ্যক্ষ গণেশ তালুকদাৰ আৰু ছেবাৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এই বিসংগতি হোৱা বুলি সংগঠন দুটাই কয়৷ আনফালে বিভিন্ন শ্লোগান দি বিদ্যালয় চৌহদ উত্তাল কৰা সংঘঠন দুচাৰ নেতা-কৰ্মীয়ে পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত এক উচ্চ পৰ্যাৰ তদন্ত কৰাৰ লগতে দোষীক শাস্তি দিয়াৰ দাবীত বৰপেটাৰ উপায়ুক্তলৈ স্মাৰক-পত্ৰও প্ৰেৰণ কৰে৷