newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি ততা জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰস্থিত মুখ্য কাৰ্যালয়ৰ এক বিশেশ অনুষ্ঠানত অংশ লোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাগত আছে৷ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ বিৰোধৰ পিছতো প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ অনুষ্ঠানত অংশ লৈছিল৷ 

আনকি খোদ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কন্যাইও পিতৃৰ সিদ্ধানতৰ বিৰোধিতা কৰিছিল৷ কিন্তু সকলো বাধা নেওচি প্ৰণৱ মুখাৰ্জীয়ে অনুষ্ঠানত অংশ লোৱাত ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ কেইবাগৰাকীও শক্তিশালী ৰাজনৈতিক নেতাই মুখাৰ্জীৰ সপক্ষে-বিপক্ষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

শুকুৰবাৰে অল-ইণ্ডিয়া মজলিছ-এ-ইট্টেহাদুল মুছলিমিন (এআইএমআইএম) দলৰ প্ৰধান অচদুহীন ওৱৈছীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আৰএছএছৰ বিশেষ অনুষ্ঠানত অংশ লোৱাক লৈ কংগ্ৰেছক প্ৰত্যক্ষ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷

আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি অনুসৰি, ওৱৈছীয়ে শুকুৰবাৰে হায়দৰাবাদৰ এক অনুষ্ঠানত উপস্থিত থাকি কয়, ‘কংগ্ৰেছ নিশ্চিহ্ন হৈ গৈছে৷ যিগৰাকী নেতাই কংগ্ৰেছৰ বাবে জীৱনৰ ৫০ টা বৰ্ষ সমৰ্পণ কৰিলে আৰু দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল, তেওঁ অৱশেষত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ আপুনি এতিয়াও ভাৱে নেকি যে তেনে এটা দল এতিয়াও প্ৰয়োজন?’ 

আনহাতে ওৱৈছীয়ে অনুষ্ঠানত বিজেপিকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তেওঁ বিজেপিক আক্ৰমণ কৰি কয় যে বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ চৰকাৰে ৪ বছৰীয়া কাৰ্যকালত দেশৰ সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট কৰিছে৷ যাৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পোৱা বুলিও দাবী কৰে ওৱৈছীয়ে৷