newsnextone.com |ডিজিটেল ডেস্কঃ অবৈধ ভাৱে আন্তৰ্জাতিক উৰণ অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰাৰ অভিযোগত এয়াৰ এছিয়া গ্ৰুপৰ চিইঅ’ এন্থনী ফ্ৰান্সিছ ‘টোনী’ ফাৰ্নাণ্ডেজৰ বিৰুদ্ধে গোছৰ ৰুজু কৰিছে চিবিআইএ৷

মঙলবাৰে ফাৰ্নাণ্ডেজ সহ কেইবাজনো লোকৰ বিৰুদ্ধে বিমান চলাচল আইনৰ ৫/২০ ধাৰা উলংঘনৰ অভিযোগ দাখিল কৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই৷ আন্তৰ্জাতিক বিমান চলাচল আইন উলংঘন কৰাৰ উপৰিও ফাৰ্নাণ্ডেজৰ বিৰুদ্ধে বিদেশী বিনিয়োগ উন্নয়ন বোৰ্ড (FIPB)ৰ নীতিও উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে, ৫/২০ ধৰা অনুযায়ী, আন্তৰ্জাতিক বিমান চালনৰ অনুজ্ঞা পত্ৰ লাভ কৰিবলৈ হ’লে সংশ্লিষ্ট সংস্থাৰ অন্ততঃ ৫ বছৰৰ অভিজ্ঞতা আৰু নূন্যতম ২০ খন বিমান থকাটো আৱশ্যক৷ 

মঙলবাৰে এয়াৰ এছিয়া মালেয়েছিয়াৰ গ্ৰুপ চিইঅ’ এন্থনী ফ্ৰান্সিছ ‘টোনী’ ফাৰ্নাণ্ডেজৰ লগতে ট্ৰেভেল ফুড সংস্থাৰ মালিক সুনীল কাপুৰ, এয়াৰ এছিয়াৰ সঞ্চালক আৰ ভেংকটৰামণ, বিমান উৰণ বিশেষজ্ঞ দীপক তলোৱাৰ, চিংগাপুৰৰ এছএনআৰ ট্ৰেডিং সংস্থাৰ সঞ্চালক ৰাজেন্দ্ৰ ডুবে তথা কেইবাগৰাকীও চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চিবিআইএ এজাহাৰ দাখিল কৰে৷

আনহাতে অভিযুক্ত কেইজনৰ সন্ধানত দিল্লী, মুম্বাই আৰু বাংগালুৰুত আৰক্ষীয়ে তালাচী অভিযা আৰম্ভ কৰিছে বুলি চিবিআইৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে৷