কোকৰাঝাৰঃ কোকৰাঝাৰ ভূমি আৰু ৰাজহ বিষয়াৰ কাৰ্য্যালয়ত বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অলিন্দ্ৰ মুছাহাৰীয়ে আজি আকস্মিক পৰিদৰ্শন কৰাত কাৰ্যালয়ত থকা বিভাগীয় লাট মণ্ডল আৰু বিষয়াসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৷

উল্লেখ্য যে আজি বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য অলিন্দ্ৰ মুছাহাৰীয়ে পুৱা প্ৰায় দহমান বজাত কাৰ্য্যালয়টোত আকস্মিক পৰিদৰ্শন কৰি কাৰ্য্যালয়ৰ সকলো লাট মণ্ডল আৰু বিষয়া কৰ্মচাৰীৰ বুজ লোৱাৰ সময়তে তিনিজনকৈ লাট মণ্ডলে দৈনিক উপস্থিতিৰ পঞ্জীয়ন  বহীত আগতীয়াকৈ চহী মাৰি থোৱা প্ৰত্যক্ষ কৰে ৷

আজিৰ বাহিৰেও  কাইলৈ অৰ্থাৎ ১৯ মে'ৰ বাবেও আগতীয়াকৈ উক্ত তিনিজন লাট মণ্ডলে উপস্থিতিৰ স্বাক্ষৰ বহীত চহী কৰা প্ৰত্যক্ষ কৰি কাৰ্যবাহী সদস্য অলিন্দ্ৰ মুছাহাৰীয়ে  হতবাক হৈ পৰে আৰু তিনি গৰাকী লাট মণ্ডল ক্ৰমে  হাছান ফাৰুক, ৰফিকুল হক আৰু আমজাদ আলিৰ বিৰুদ্ধে চক্ৰ বিষয়া দ্বীপন বৰ্মনক বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। চক্ৰ বিষয়া দ্বীপন বৰ্মনে সংশ্লিষ্ট বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীৰ পৰা নিৰ্দেশ লাভ কৰি উক্ত তিনি লাট মণ্ডলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হব বুলি সাংবাদিকৰ আগত সদৰী কৰে ৷ 

ইপিনে চক্ৰ বিষয়া দ্বীপন বৰ্মনে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ অংশস্বৰূপে আজি কোকৰাঝাৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যালয়টো সম্পূৰ্ণৰূপে পৰিস্কাৰ কৰে। ইয়াৰোপৰি নতুনকৈ নিয়ুক্তি লাভ কৰা চক্ৰ বিষয়া দ্বীপন বৰ্মনে সদৰী কৰা মতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত বহু দূৰ-দুৰণিৰ পৰা মাটিৰ গৰাকী সকলে মাটিৰ ৰাজহ দিবলৈ অহাত বহু  সমস্যাত পৰে।

সেয়ে সেই সমস্যাসমূহ আতঁৰ কৰাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয় পৰাই কিছু কিছু অঞ্চলত ৰাজহুৱা আদালত কাৰ্যসূচী উদযাপনৰে ৰাজহ সমূহ সংগ্ৰহ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তদুপৰি মাটি  কিনা-বেচাৰ ক্ষেত্ৰতো উপঢৌকন দিয়া আৰু লোৱাসকলৰ বিৰুদ্ধেও বিহিত ব্যবস্থা গ্ৰহন কৰা হব বুলিও সদৰি কৰিছে চক্ৰ বিষয়া দ্বীপন বৰ্মনে।