newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বাবে নতুন নতুন ৰণ কৌশলেৰে নিৰ্বাচনী ৰণত অৱৰ্তীৰ্ণ হ’ল বিৰোধী আৰু বিজেপি৷ বিৰোধী দল কংগ্ৰেছে অন্যান্য বিৰোধী দলৰ সৈতে লগ লাগি বিজেপিৰ পৰাভূত কৰিবলৈ নতুন নীতি অৱলম্বন কৰা বুলি জানিব পৰা গৈছে৷ কেইবাটাও বিৰোধী দলে কংগ্ৰেছৰ সহযোগিতাত বিজেপিক পৰাস্ত কৰাৰ ইংগিতো দিছে৷

তেলেগু দেশম পাৰ্টি আৰু কংগ্ৰেছৰ মাজত মিত্ৰজোঁটৰ সম্ভাৱনাৰ বিষয়ে ৰাজনৈতিক মহলত চৰ্চা চলিছিল৷ অন্ধ্ৰ প্ৰদেশৰ শক্তিশালী দল হিচাপে চিহ্নিত তেলেগু দেশম পাৰ্টিৰ সহযোগত কংগ্ৰেছে ২০১৯ৰ নিৰ্বাচনত অৱৰ্তীৰ্ণ হ’ব বুলি বুলি বাতৰি প্ৰচাৰ হৈছিল৷

কিন্তু সকলো আলোচনাৰ অন্ত পেলাই অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ জ্যেষ্ঠ নেতা কে ই কৃষ্ণমুৰ্ত্তিয়ে কয় যেস লাগিলে ফাঁচি কাঠত ওলমিব কিন্তু কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে৷ কৃষ্ণমুৰ্ত্তিয়ে তেওঁৰ গৃহ চহৰ কৰ্ণুলত এখন সংবাদমেল আয়োজন কৰে৷ সাংবাদিকৰ আগত জ্যেষ্ঠ নেতা গৰাকীয়ে কয় যে তেলেগু দেশম পাৰ্টি আৰু কংগ্ৰেছৰ মিত্ৰজোঁট কেতিয়াও সম্ভৱ নহয়৷ আৰু যদি কেনেবাকৈ এয়া হয়, তেন্তে তেদেপাৰ দলীয় নেতাই ফাঁচি লগাবলৈ প্ৰস্তুত আছে৷

তেওঁ কৰা মন্তব্য দলৰ মন্তব্য বুলিও সংবাদমেলত স্পষ্ট কৰি দিয়ে৷ ইফালে কৃষ্ণমুৰ্চিয়ে সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কোনো দলৰ সৈতে মিত্ৰজোট কৰা সম্পৰ্কে দলে চিন্তা চৰ্চা কৰিব বুলিও মন্তব্য কৰে৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী আৰু চন্দ্ৰবাবু নাইডু একেখন মঞ্চত উপস্থিত হৈছিল৷ দুয়োগৰাকী নেতাৰ মাজত বাঢ়ি অহা অন্তৰংগতালৈ লক্ষ্য কৰি দুয়োটা দলে মিত্ৰজোঁট গঢ়িব বুলি বাতৰি প্ৰকাশ হৈছিল৷

আনহাতে তেলেগু দেশম পাৰ্টিৰ একাংশ নেতাই কংগ্ৰেছৰ সৈতে দলৰ মিত্ৰজোঁটক সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ ২০১৯ত কংগ্ৰেছে যদি কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, তেন্তে ৰাহুল গান্ধীয়ে অন্ধ্ৰ প্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ তেনে ক্ষেত্ৰত তেদেপা আৰু কংগ্ৰেছৰ মিত্ৰজোঁটত কোনো আপত্তি নাই বুলিও তেদেপাৰ একাংশ নেতাই মন্তব্য প্ৰকাশ কৰিছে৷