ডিজিটেল ডেক্সঃ ১৯৭৫ চনত নিৰ্মিত ৰমেশ চিপ্পি নিৰ্দেশিত বলিউডৰ বিখ্যাত ছবি ’শ্বলে’ত অভিনেতা ধৰ্মেন্দ্ৰৰ সেই চিনটো মনত আছেনে? য’ত বাসন্তীক পাবলৈ বিৰুৰ চৰিত্ৰত আভিনয় কৰা ধৰ্মেন্দ্ৰই এটা পানী টেংকিৰ ওপৰত উঠি প্ৰতিবাদ কৰিছিল। এনে এক প্ৰতিবাদেই কৰিলে আন্না হাজাৰেৰ গাঁও ৰালেগান সিদ্ধিৰ গাঁওবাসীয়ে। 

যোৱা ২৩ মাৰ্চৰ পৰা দুৰ্নীতি বিৰোধী নেতাজনে দিল্লীৰ ৰামলীলা মৈদানত লোকপাল আৰু লোকাযুক্তৰ নিযুক্তিৰ দাবীত আমৰণ অনশনত বহিছে। যোৱা তিনি দিনত গা লৰা নাই চৰকাৰৰ। 

ইফালে তেওঁৰ স্বাস্থ্য ক্ৰমে বেয়া হ’বলৈ লৈছে। চৰকাৰৰ অমনযোগিতাত ক্ষোভিত ৰালেগান সিদ্ধিৰ গাঁওবাসীয়ে সোমবাৰে এটা পানীৰ টেংকিত উঠি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাষ্ট্ৰীয় পতাকা হাতত লৈ তেওঁলোকে দাবী কৰে যে চৰকাৰে আন্না হাজাৰেৰ দাবী মানি লওক, অন্যথা তেওঁলোকে টেংকিৰ পৰা জঁপিয়াই দিব।

মহাৰাষ্ট্ৰৰ মন্ত্ৰী গিৰিশ মহাজন ঘটনাস্থলাত উপস্থিত হৈ তেওঁলোকৰ দাবী সন্দৰ্ভত আলোচনা কৰে।

২০১১ চনত আন্না হাজাৰেই লোকপাল আৰু লোকাযুক্ত আইন প্ৰণয়নৰ বাবে অনশন কৰিছিল আৰু চৰকাৰে ২০১৩ চনত এই বিষয়ক বিধেয়ক গৃহীত কৰিছিল। কিন্তু ’না খাওংগা না খানে দোংগা’ বুলি শ্ল’গান দিয়া নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা চাৰি বছৰত লোকপাল পদত কাকো নিযুক্তি নিদিলে।

উল্লেখ্য যে, যোৱা ২৩ মাৰ্চৰ পৰা কেইবা সহস্ৰাধিক লোকৰ সমৰ্থনত দিল্লীৰ ৰামলীলা ময়দানত অনশনত বহিছে প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰে৷ লোকপাল বিধেয়ক আইনত পৰিণত কৰা আৰু কৃষকৰ সমস্যা সমাধানৰ দাবীত অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰে আন্নাই৷ আন্নাই ইতিমধ্যে ৪২ খন পত্ৰ লিখাৰ পিছতো তেওৰ কথা নুশুনিলে বুলি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ চৰকাৰে মোৰ কথা নুশুনাৰ বাবে পুনৰ আন্দোলনত বহিব লগা ব’ল বুলি কয় আন্নাই৷ ইউপিএ চৰকাৰৰ কালত ১৬ বাৰ অনশন বহিছিল আন্নাই৷

►যেতিয়ালৈ মোৰ শৰীৰত প্ৰাণ আছে মই কৈ যাম।
►৮০ বছৰ বয়সত সমাজৰ ভালৰ বাবে মৃত্যু হোৱা বেছি ভাল৷
►কেৱল বগা লোকসকল গ’ল আৰু কলাবোৰ আহিল।
►অনশনকাৰীক দিল্লীৰ ৰামলীলা ময়দানলৈ অহাত বাধা আৰোপ কৰিছে।
►এয়াই লোকতন্ত্ৰ নেকি? 

ইউপিএ চৰকাৰে আন্নাৰ দাবী মানি লব খোজা নাছিল৷ আন্নাক আটক কৰি জেলতো ৰাখিছিল ইউপিএ চৰকাৰে৷ পূৰ্বৰ আন্দোলনত আন্নাৰ সৈতে বহু লোক আছিল যদিও এইবেলি আন্নাৰ সৈতে মাথো প্ৰায় ৪ হাজাৰ লোকহে দেখা গৈছে৷ ইয়াৰ পূৰ্বৰ আন্দোলনত হাজাৰ হাজাৰ লোকে আন্দোলনত যোগ দিবলৈ ওলাই আহিছিল আন্নাৰ সৈতে৷ 

এইবেলি আন্নাৰ সৈতে আন্দোলনত বেছি খিনিয়ে কৃষকে অংশগ্ৰহণ কৰা দেখা গৈছে৷ স্বামীনাথন আয়োগৰ প্ৰতিবেদন মৰ্মে কৃষকৰ সমস্যা আৰু কেন্দ্ৰীয় চৰকাৰে  লোকপাল বিধেয়ক আিনত পৰিণত কৰা আৰু ৰাজ্য সমূহত লোকআয়ুক্ত নিয়োগ কৰাৰ দাবী জনাই আন্নাই৷ আন্নাই অনশনথলীৰ পৰা কয়, ইংৰাজ গ’ল যদিও দেশে আজিও লোকতন্ত্ৰ লাভ কৰা নাই৷ কেৱল বগা লোকসকল গ’ল আৰু কলাবোৰ আহিল বুলি কয়৷