newsnextone.com | ডিজিটিল ডেস্কঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধান সভা নিৰ্বাচনত বিজেপিয়ে শূন্য সহনশীলতাৰ কথা বৰকৈ কৈছিল৷ দুৰ্নীতি ৰোধ কৰাৰ লগতে ‘না-খাউংগা না-খানে দুংগা’ বুলি শ্ল’গান দিছিল বিজেপিয়ে৷ কিন্তু ইমানৰ পিছতো বিজয় মালিয়া, নীৰৱ মোডীৰ দৰে লোকে কোটি কোটি টকা লুটি ৰাজভৰাল উদং কৰি বিদেশলৈ পলায়ন কৰে৷ কিন্তু ইয়াৰ মাজতে এটা খবৰৰ সৈতে অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম সাঙুৰ খাই পৰাত ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

দিল্লীৰ পৰা অসমলৈ অহা এই খবৰে খলকনি লগাইছে দিল্লী-দিছপুৰত৷ এই খবৰৰ সৈতে ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ নাম সাঙুৰ খাই পৰিছে৷ দক্ষিণ দিল্লীৰ এটা ফ্লেটত কিছুদিন পূৰ্বে দেশৰ আয়কৰ বিভাগে অভিযান চলাইছিল৷ অভিযান কালত উদ্ধাৰ হৈছিল বহু নথি পত্ৰ৷ দিল্লীৰ ডিফেন্স কলনি নামেৰে বিখ্যাত এলেকাটোক আভিজাত লোকে বসবাস কৰা এলেকা হিচাপে জনা যায়৷

এলেকাটোৰ ২৪০ নম্বৰ ফ্লেটত তৃতীয় মহলাৰ অনুজ পোদ্দাৰ নামৰ লোকৰ গৃহটোত চলিছিল অভিযান৷ বিগত ২৭ মে’ত চলা অভিযানৰ খবৰ অসম আহি পায় এদিন পূৰ্বে৷ কিয়নো সেই অভিযানৰ পিছত অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম জৰিত হৈ পৰিছে৷ যোৱা দুদিন পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এবিপিয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদন মৰ্মে সেই লোকজনৰ ঘৰৰ পৰা দেশৰ আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, আমোলাৰ বহু নথি-পত্ৰ উদ্ধাৰ হৈছিল৷ 

জানিব পৰা মতে, দেশৰ বিভিন্ন ক্ষমতাশালী আমোলা আৰু একাংশ শাসকীয় লোকৰ ভাল সম্পৰ্ক থকাৰ ফলতেই অনুজ পোদ্দাৰে সেই ঘৰটোত চলাই আন এখন চৰকাৰ৷ তাৰ পৰাই হয় বহু ডাঙৰ সিদ্ধান্ত পৰ্যন্ত হয়৷ চৰকাৰী ব্যৱস্থাৰ সৈতে ভাল সম্পৰ্কৰ থকাৰ সুবাদতে দেশৰ ভিন্ন প্ৰান্তৰ প্ৰভাৱশালী লোকৰ সৈতে সুসম্পৰ্ক আছে অনুজৰ৷

বিলাসী জীৱন যাপন কৰা অনুজ পোদ্দাৰৰ সেই গৃহটোৰ পৰা উদ্ধাৰ হৈছিল বহু নথি-পত্ৰ৷ সেই নথি পত্ৰ, ই-মেইল আৰু ফোনৰ সৈতে যোগাযোগ থকা বুলি অভিযোগ উত্থাপন হৈছে অসমৰ প্ৰভাৱশালী নাম পোৱা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ কিছুমান নথিয়ো উদ্ধাৰ হৈছিল অনুজৰ বাসগৃহৰ পৰা৷ 

প্ৰতিৰক্ষা আৰু বৈদশিক মন্ত্ৰালয়ৰো বহু গুৰত্বপূৰ্ণ নথি উদ্ধাৰ হৈছিল অভিযানত৷ বহু গোপনীয় তথ্য উদ্ধাৰ হোৱাৰ পিছত আয়কৰ বিভাগ আৰু স্থানীয় আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে লৈ চলাইছিল তদন্ত৷ অনুজৰ ই-মেইল, মোবাইল ফোনৰ কল দাতা পৰীক্ষা কৰি অসমৰ স্বাস্থ্য মন্ত্ৰীৰ সবিশেষ লাভ কৰে৷ একপ্ৰকাৰ কবলৈ গলে চৰকাৰৰ বিভিন্ন বিভাগৰ বিয়াগোম মন্ত্ৰী, আমোলাৰ সৈতে সু-সম্পৰ্ক গঢ়ি বিভিন্ন কাম আদায় কৰে অনুজে৷

অনুজক ব্যৱহাৰ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজনেতাই নিজৰ নিজৰ কাম আদায় কৰে৷ আয়কৰে প্ৰস্তুত কৰা প্ৰতিবেদনত স্পষ্টকৈ অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সু-সম্পৰ্ক থকা বুলি প্ৰমাণ কৰে৷ আয়কৰ বিভাগৰ প্ৰতিবেদন মৰ্মে হিমন্ত বিশ্ব শৰ্মাই সঘনাই যোগোযোগ কৰি আহিছিল অনুজৰ সৈতে৷ আয়কৰ বিভাগে সন্দেহ কৰা মতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ নিবিদাৰ সম্পৰ্কত যোগোযোগ ৰক্ষা কৰি চলিছিল৷

প্ৰায়ে নিবিদা সম্পৰ্কত বাৰ্তালাপ কৰিছিল দুয়োজনে৷ ইমানে নহয় অসম চৰকাৰৰ বহু নথিও উদ্ধাৰ হয় অনুজৰ সৈতে৷ অনুজৰ মেইলৰ পৰা অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মেইল উদ্ধাৰ হৈছিল৷ অসমৰ চৰকাৰৰ বিষয়াই ই-মেইলৰ উত্তৰো দিছিল৷ ১২ জুনত অসমলৈ আহিছিল এআইবিপিৰ এগৰাকী সাংবাদিক৷ সাংবাদিকে এই বিষয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাত কোনো অনুজ পোদ্দাৰক নাজানো বুলি কোৱাৰ লগতে অনুমতি লৈ তেওঁৰ ওচৰলৈ আহিবলৈ কয় সাংবাদিকক৷ অসমৰ সাংবাদিকে এনেদৰে থিয় থিয়ই তেওঁক প্ৰশ্ন নকৰে বুলিও উভতি ধৰে এআইবিপিৰ সাংবাদিকক৷