newsnextone.com | ডিজিটেল ডেস্কঃ অৱশেষত উদ্ধাৰ হ’ল অপহৃত সেনা জোৱানৰ নশ্বৰ দেহ৷ বুধবাৰে কাশ্মীৰৰ পুলওয়ামাৰ পৰা নিৰুদ্দেশ হৈ থকা ঔৰংগজেৱ নামৰ ভাৰতীয় সেনা জোৱান গৰাকীৰ গুলীবিদ্ধ দেহ শুকুৰবাৰে সেনা-আৰক্ষীয়ে উদ্ধাৰ কৰে৷
জানিব পৰা মতে, কাশ্মীৰৰ পুঞ্চে এলেকাৰ বাসিন্দা সেনা জোৱান গৰাকীয়ে বুধবাৰে সন্ধিয়া পুলওয়ামাত কৰ্তব্য সামৰি নিজ গাড়ীৰে ঘৰলৈ উভটাৰ পথতে পুৰণা মোগল ৰোডত সন্ত্ৰাসবাদীয়ে তেওঁৰ বাহনখন আবদ্ধ কৰি সেনা জোৱানগৰাকীক অপহৰণ কৰি লৈ যায়৷
৪৪ নং ৰাষ্ট্ৰীয় ৰাইফলৰ জোৱান ঔৰংগজেৱে সেনা-আৰক্ষীয়ে ছোপিয়ানত চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত সক্ৰিয় ভূমিকা পালন কৰিছিল৷ যাৰ বাবে সন্ত্ৰাসবাদীয়ে তেওঁক অপহৰণ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে৷
সেনা-আৰক্ষীয়ে অপহৃত সেনা জোৱানগৰাকীৰ সন্ধানত ক্ষীপ্ৰ তদন্ত চলাই যদিও বৃহস্পতিবাৰলৈকে নিখোজ হৈয়ে আছিল সেনা জোৱানগৰাকী৷ পিছত শুকুৰবাৰে পুৱাৰ পৰা আৰক্ষীয়ে পুনৰ সন্ধান অভিযান চলোৱাত কাশ্মীৰৰ এক বনাঞ্চলৰ পৰা ঔৰংগজেৱৰ গুলীবিদ্ধ নশ্বৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
আনহাতে আৰক্ষীয়ে সেনাজোৱান গৰাকীক হত্যা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷