ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ চপিয়ান জিলাৰ মীৰ ইদ্ৰীছ নামৰ জোৱান এজনে উগ্ৰবাদী সংগঠন হিজবুল মুজাহিদ্দীনত যোগদান কৰাৰ খবৰ পোৱা গৈছে। জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰীৰ ১২ নং বেটেলিয়নৰ চিপাহীজন চাফনগৰী গাঁওস্থিত বাসগৃহৰ পৰা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।
সোমবাৰে হাতত ৰাইফল লৈ থকা ইদ্ৰীছৰ ফটো এখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ফটোখনৰ লগত থকা বৰ্ণনা মতে তেওঁ ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিছে।
চপিয়ান জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আম্বাৰকাৰ শ্ৰীৰামে দিনাকৰে কয় যে তেওঁৰ ভাইৰেল হোৱা ফটোখন পৰিয়ালৰ জৰিয়তে চিনাক্তকৰণ কৰোৱা হৈছে। অনান্য তথ্যবোৰো আৰক্ষীয়ে চালি-জাৰি চোৱা বুলি দিনাকৰে কয়।
উল্লেখ্য যে ইয়াৰ আগতেও ২০১৭ বৰ্ষৰ জুলাই মাহত জাহুৰ আহমেদ থোকাৰ নামৰ সেনা জোৱানজনে হিজবুলত যোগদান কৰিছিল। ২০১৭ বৰ্ষত ১২৬ জন কাশ্মীৰী যুৱকে হিজবুলক মুজাহিদ্দীনত যোগদান কৰিছে। ২০১৫ চনত ৮৮ জনে আৰু ২০১৬ চনত ৮৮ জনে এনেদৰে সন্ত্ৰাসবাদী হোৱাৰ পথ বাচি লৈ সংগঠনটোত সোমাইছিল।