newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ 

কলা শাখাত মুঠ ১ লাখ ৯৪ হাজাৰ ৫৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ১ লাখ ৪৫ হাজাৰ ২৮১ গৰাকীয়ে উত্তীৰ্ণ হয়৷ ইয়াৰে ১৯,৪৭০ গৰাকীয়ে প্ৰথম বিভাগত, ৪৫,৭৫১গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৮০,০৬০ গৰাকীয়ে৷ 

৭৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হয় কলা শাখাত৷ বানে ধোৱা ধেমাজি জিলাই আকৌ এবাৰ উত্তীৰ্ণৰ শীৰ্ষত হ’বলৈ সক্ষম হয়৷ উত্তীৰ্ণৰ একেবাৰে নিম্নত আছে পাহাৰীয়া জিলা কাৰ্বি আংলং৷

কাৰ্বি আংলং জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৩৯৷ যোৱা কেইবাটাও বছৰৰ দৰেই এইবেলিও উচ্চতৰ মাধ্যমিকৰ ফলাফল উন্নত হৈছে৷ প্ৰতিখন জিলাই উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ১৩ গৰাকী মেধাই কলা বিভাগত শীৰ্ষ ১০টা পদ দখল কৰিবলৈ সক্ষম হৈছে৷