newsnextone.com | ডিজিটেল ডেস্কঃ ৮ দিনত ভৰি দিলে দিল্লী চৰকাৰৰ অনশনে। ইয়াৰ মাজতে দিল্লীৰ উপ-ৰাজ্যপালৰ কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ আমৰণ অনশনক অসাংবিধানিক অখ্যা দিয়ে উচ্চ ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে কয় ‘‘আমি বুজি পোৱা নাই ধৰ্ণা, অনশনৰ বাবে অনুমতি কোনে দিলে৷ কিয়নো উপ-ৰাজ্যপালৰ আবাসত বহাটো বৈধ নে৷ এই সমস্যাৰ সমাধান খুব প্ৰয়োজনীয়৷’’

কাৰোবাৰ ঘৰত সোমাই জোৰকৈ প্ৰতিবাদ কৰিব নোৱাৰি কিয়নো প্ৰতিবাদ কৰা ঠাই উপ-ৰাজ্যপালৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন বলিও কয় ন্যায়ালয়ে৷ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিলা দিক্ষীতে যদি সংবিধানৰ বাধ্যবাধকতা বুজি নাপায় তেন্তে অৰবিন্দ কেজৰিৱালক ন্যায়ালয়ে কেনকৈ সহায় কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছিল৷

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়া, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৰাজভৱনত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ ৮ দিন অতিক্ৰম কৰিলে৷ দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যদা দিয়া, উচ্চ পদস্থ বিষয়াৰ অঘোষিত কৰ্মবিৰতি পৰিহাৰ কৰা, ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী গৰীৱক ঘৰে ঘৰে যোগান ধৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি, বিনামূলীয়া ইণ্টাৰনেত সেৱা আৰম্ভ কৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি আদি বিষয়ক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ আৰু আন আন বিধায়কে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত ধৰ্ণাত বহে৷ ধৰ্ণাই ৮ দিনত ভৰি দিলে৷ 

তাৰ মাজতে দেওবাৰে আম আদমি পাৰ্টিয়ে আন্দোলন ঘোষণা কৰে৷ দিল্লীৰ ৰাইজক আম আদমি পাৰ্টিয়ে জনোৱা সহাৰিক সমৰ্থ জনাই পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ একত্ৰিত হয়৷ প্ৰথমে আম আদমি পাৰ্টিৰ হাজাৰ হাজাৰ সমৰ্থক দিল্লীৰ মন্দি হাউচলৈ ৰেলী উলিয়াই৷ মন্দি হাউচৰ পৰা সংসদ মাৰ্গলৈ ৰাওনা হয় যদিও আৰক্ষীয়ে কোনো কাৰণত সংসদ মাৰ্গৰ পৰা আগলৈ যাব নিদিয়াৰ কথা স্পষ্ট কৰে৷ আনহাতে প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে৷