প্ৰতীকি ফটো
প্ৰতীকি ফটো

গুৱাহাটীঃ অসমক বিদেশী মুক্ত কৰাৰ বাবে তথা অসমত অসমীয়া জাতিৰ অস্তিত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত অসমীয়া তেজাল ডেকাই এদিন আন্দোলনত জপিয়াই পৰিছিল৷ নিজৰ যৌৱন-জীৱন সমস্ত জাতিৰ স্বাৰ্থত সমাৰ্পন কৰিবলৈ ওলাই আহিছিল৷ ৮৫৫ জন শ্বহীদ হৈছিল৷ বহু লোক পংগু হৈছিল৷ বহু নাৰীয়ে অকালতে কপালৰ ফোট মচি পেলাব লগা হৈছিল৷ বহু মাতৃৰ বুকুৰ পৰা পুত্ৰ হেৰাই গৈছিল৷ 

বহু জাতিধ্বংসীয়ে জাতিটোক ধ্বংস কৰিব বিচাৰি অহাটো ডাঙৰ কথা নহয়৷ তাৰ মাজতে একাংশ ভুৱা জাতীপ্ৰেমী জাতিৰ উদ্ধাৰৰ ভাও ধৰি অসমীয়াৰ ভোট আদায় কৰি চৰকাৰ গঠন কৰা বিজেপিৰ সৈতে লগলাগি অসমত বিদেশী হিন্দু শৰণাৰ্থী সংস্থাপনৰ বাবে গোপনে কাম কৰি গৈছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ অসমৰ অন্যতম জাতীয় সংগঠন অসম সত্ৰ মহাসভাৰ একাংশ নেতৃত্বই সৰ্বপ্ৰথম মুকলিকৈ অসমত বাংলাদেশী সংস্থাপনৰ হৈ ওকালতি কৰি বিতৰ্কত সোমাই পৰিছে৷ 

দিল্লীত অনুষ্ঠিত সংসদীয় যুটীয়া সমিতিৰ বৈঠকত অংশ লৈ সত্ৰ মহা সভাই অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ সমৰ্থন কৰে৷ ইতিমধ্যে একাংশ বিতৰ্কিত সত্ৰাধিকাৰে এনে কাৰ্যক সমৰ্থন কৰা বুলি পূৰ্বৰ পৰাই ছচিয়েল মিডিয়াত প্ৰচাৰ হৈ আহিছিল৷ বিজেপি আৰু আৰএছএছক তোষামোদ কৰিব পাৰিলে নিজৰ সমস্ত হ’ব বুলি ধৰি জাতিৰ কথা পাহৰি গৈছে একাংশ লোকে৷

অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে যোৱা দুটা বছৰে গণ আন্দোলন অব্যাহত থকাৰ মাজতে অসমৰ সত্ৰ মহাসভাৰ এনে কাণ্ডই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ৰাজ পথত প্ৰতিকৃতি দাহ কৰে৷ আছু, টাই আহোম যুৱ পৰিষদ, অনুসূচীত জাতি যুৱ পৰিষদ, নাগৰিকত্ব আইন সংশোধনী মঞ্চ, চিপিআই, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি সংগঠনে সত্ৰ মহাসভাৰ একাংশ বিষয়-ববীয়াক ধিক্কাৰ দি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷

পাৰিলে এনে বিষয়-ববীয়াক সমাজৰ পৰাই নিষেধ কৰিব লাগে বুলি কয়৷ ইপিনে লখিমপুৰত অসমত জাতীয়তাবাদী যুৱ-ছত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে সত্ৰ মহাসভাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনাই এনে কাণ্ড কৰাৰ বাবে ক্ষমা খোজাৰ দাবী জনায়৷ সত্ৰ নগৰী মাজুলীতো সত্ৰ মহা সভাৰ এনে কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ 

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত মাজুলীৰ কমলাবাৰী সত্ৰত অনুষ্ঠিত সভাত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ এই সন্দৰ্ভত দিল্লীত কি স্থিতি গ্ৰহণ কৰিছিল জানিব বিচাৰে৷ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে অসমীয়া জাতিৰ আঘাত হানিব পৰা কোনো কাম সত্ৰ মহাসভাই নকৰে বুলি কয়৷ সভাত আক্ৰাছু, টিএমপিকে উপস্থিত থাকে৷

তাৰ লগতে একাংশ নেতৃত্বৰ কৰ্মকাণ্ডই সত্ৰ মহা সভাৰ ভিতৰচৰাত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে৷ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ জিলা সমিতি আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে৷ ইতিমধ্যে সংগঠনটোৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অপূৰ্ব অধিকাৰীৰ পদত্যাগ কৰাৰ খবৰ ওলাইছে৷  
  
অপূৰ্ব অধিকাৰীয়ে ক্ষোভ প্ৰকাশ কৰি দিল্লীত সংসদীয় যুটীয়া সমিতিক প্ৰদান কৰা বক্তব্য কোনো কাৰণতে সত্ৰ মহাসভাৰ হ’ব নোৱাৰে বুলি কয়৷ সংগঠনটোৰ ভিতৰত তেনে কোনো ধৰণৰ কথা আলোচনা হোৱা নাই বুলি কয়৷ শীঘ্ৰে সত্ৰ মহাসভাৰ প্ৰধান নেতৃত্বক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয়৷ এনে কাৰ্যক সমৰ্থন কৰিলে মহাসভাৰ পৰা বহু লোকে ওলাই আহিব বুলি কয়৷ ইমানে নহয় সভাপতি সম্পাদকে পদত্যাগ কৰিব লাগিব বুলি কৈ কোনো কাৰ্যনিৰ্বাহকত আলোচনা কৰা হোৱা নাই বুলি কয়৷

অসম সত্ৰ মহাসভাই হিন্দু বাংলাদেশী সংস্থাপনক সমৰ্থন কৰা বুলি আৰু যোৱা ১৭ এপ্ৰলিত সংসদীয় যুটীয়া সমিতিয়ে দিল্লীত অনুষ্ঠিত কৰা শুনানিত অসম সত্ৰ মহাসভাৰ প্ৰতিনিধি উপস্থিত থাকি বাংলাদেশী সংস্থাপনক সমৰ্থন কৰি বক্তব্য প্ৰকাশ কৰি বুলি খবৰ প্ৰচাৰ হয়৷ যোৱা দুদিন ধৰি এই ঘটনাৰ বিৰুদ্ধে বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ 

বৃহস্পতিবাৰে সত্ৰ মহাসভাৰ গুৱাহাটী জিলাই এখন সভা অনুষ্ঠিত কৰি এনে ঘটনাক গৰিহণা দি এনে নেতৃত্বৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ সত্ৰ মহাসভাত ধুমুহা অব্যাহত আছে৷ প্ৰধান সম্পাদকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে শোণিতপুৰ জিলা সমিতি৷ শুনানিত দিয়া সাক্ষ্য মহাসভাৰ নহয় বুলি কৈ প্ৰধান সম্পাদক কুসুম মহন্তৰ নিজৰ স্থিতি বুলি কয়৷ শোণিপুৰ জিলা সত্ৰ মহসভাৰ সভাপতি ভৱ গোস্বামীয়ে শীঘ্ৰে বিদেশী সংস্থাপনৰ সপক্ষে দিয়া স্মাৰক-পত্ৰ প্ৰত্যাহাৰৰ দাবী জনায়৷ 

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে সত্ৰ মহাসভাক স্থিতি স্পষ্ট কৰাৰ দাবী জনায়৷ আছুৰ কেন্দ্ৰীয় সভাপতি দীপাংক নাথে ধৰ্মৰ নামত জাতিক ভাগ কৰিব বিচৰা এনে সত্ৰাধিকাৰ নালাগে বুলি মত পোষণ কৰে৷ জাতীয় সংগঠনসমূহৰ যৌথ মঞ্চই একাংশ সত্ৰাধিকাৰক সকীয়নি প্ৰদান কৰি আমি ক্ষান্ত নাথাকিম বুলি কৈ অসমৰ ৰাইজে ক্ষমা নকৰিব বুলি কয়৷

ছচিয়েল মিডিয়াত সক্ৰিয় লোকে তীব্ৰ সমালোচনা কৰে সত্ৰ মহাসভাক৷ তাৰ পিছতে সত্ৰ মহা সভাই স্পষ্টিকৰণ দি তেওঁলোকে কেতিয়াও হিন্দু বাংলাদেশী সংস্থাপনক সমৰ্থন নকৰো বুলি স্পষ্ট কৰি তেওঁলোকৰ কোনো প্ৰতিনিধি দিল্লীলৈ যোৱা নাছিল বুলি কয়৷ সংবাদ মাধ্যমত প্ৰকাশ কৰা বাতৰিক ভিত্তীহীন আখ্যা দিয়ে৷ বিদেশী সংস্থাপনৰ বিৰোধিতা কৰাৰ লগতে বিদেশীয়ে দখল কৰা সত্ৰ ভূমি বেদখল কৰাৰ হে দাবী জনায়৷