ডিজিটেল ডেস্কঃ বিশিষ্ট ন্যায়াধীশ ৰঞ্জন গগৈয়ে বুধবাৰে মুখ্য ন্যায়াধীশ পদত শপত গ্ৰহণ কৰে৷ ৮৬ সংখ্যক দেশৰ মুখ্য ন্যায়াধীশৰ পদত গগৈক শপত গ্ৰহণ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ ৰাষ্ট্ৰপতি ভৱনত পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰোৱাই ৰঞ্জন গগৈক৷ ইয়াৰ পাছতেই আদালতৰ ন্যায়াধীশ সঞ্জয় কিশন কৌল আৰু ন্যায়াধীশ এম জোচেফৰ লগত বিভিন্ন বিষয়ৰ ওপৰত শুনানি কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে৷

উল্লেখযোগ্য যে দেশৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা ৰঞ্জন গগৈয়েই হৈছে অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি। গগৈৰ কাৰ্যকালৰ অন্ত পৰিব অহা ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহত। ১৯৫৪ চনৰ ১৮ নৱেম্বৰত জন্ম লাভ কৰা ৰঞ্জন গগৈয়ে ডিব্ৰুগড় ড’নবস্ক’ বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰি দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চেন্ট ষ্টীফেন্স কলেজত ইতিহাস বিষয়ৰ ওপৰত অধ্যয়ন কৰে৷

১৯৭৮ চনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত উকালতি আৰম্ভ কৰা মুখ্য ন্যায়াধীশ গগৈয়ে ২০০১ চনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত আছিল৷ ইয়াৰ পাছতেই ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত পঞ্জাৱ তথা হাৰিয়ানা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কাম কৰে গগৈয়ে৷ ২০১২ চনত উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ পদত থকা গগৈক আদালতৰ নিৰ্বাচনী শুধৰণিৰ পৰা আৰক্ষণ শুধৰণিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাত ৰঞ্জন গগৈও সন্মিলিত আছিল বুলি জানিব পাৰি৷