ডিজিটেল ডেস্কঃ বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত আৰু এটা নিশা কটাব লাগিব৷ শুকুৰবাৰে ছলমানৰ জামিনৰ শুনানিৰ অন্তত ৰায় এদিনৰ বাবে স্থগিত ৰাখে জোধপুৰ চেচন আদালতে৷ ৰায় শনিবাৰলৈ স্থগিত ৰখাৰ লগে লগে দ্বিতীয়টো দিন জেলত পাৰ কৰিব লাগিব চল্লু ভাইজান৷ 

বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ অধিবক্তাই শুকুৰবাৰে পুৱা ১০ বজাত জোধপুৰ চেচন আদালতত জামিন আৱেদন কৰিছিল৷ ১০.৩০ বজাৰ পৰা জামিন আৱেদনৰ সন্দৰ্ভত শুনানি অনুষ্ঠিত হৈছিল৷ তাৰ পাছতে শুনানিৰ অন্তত ন্যায়ধীশে এদিনৰ বাবে স্থগিত ৰাখে ৰায়৷

০৫ মাৰ্চত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷ 

জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে পৰিচিত হয় ছলমান খান৷ আনহাতে জেলৰ ২ নং ৱাৰ্ডত থাকিব ছলমান থানে৷ যিটো ৱাৰ্ডত কেইবাগৰাকী প্ৰভাৱশালী লোক কাৰাবাস খাটি আছে৷  

বৃহস্পতিবাৰে জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলনামক৷