গুৱাহাটীঃ ৰাজ্যত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা বিজ্ঞান জনপ্ৰিয়কৰণৰ অগ্ৰণী অনুষ্ঠান অসম বিজ্ঞান সমিতিয়ে আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব অন্ধবিশ্বাস বিৰোধী অভিযান।

এই উদ্দেশ্যৰে, ৯ জুলাইৰ দিনৰ ১১ বজাত বিজ্ঞান সমিতিৰ মুঠ ৪১ খন নিৰ্বাচিত শাখা সমিতিকে মুখ্য কৰি, অন্যান্য শাখাসমূহেও এক আনুষ্ঠানিক “শপত” গ্ৰহণ কাৰ্য্যসূচীত ভাগ ল’ব। 

অসম বিজ্ঞান সমিতিৰ গুৱাহাটীস্থ মুখ্য কাৰ্য্যালয় চৌহদত আয়োজিত হ’বলগীয়া এই “অংগীকাৰ” কাৰ্য্যসূচীৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত।  

উল্লেখ্য যে, এই কেন্দ্ৰীয় কাৰ্য্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰিব, ৰাজ্যত ডাইনী সন্দেহত কৰা হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টি অভিযানৰ অগ্ৰণী নেত্ৰী বীৰুবালা ৰাভাই। 

ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা নানা অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ বিৰুদ্ধে অসম বিজ্ঞান সমিতিৰ এই সজাগতা অভিযানত অংশ ল’বৰ বাবে ৰাজ্যৰ সকলো স্তৰৰ ৰাইজলৈ সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।