শিক্ষিত নিবনুৱালৈ সুখবৰ

ডিজিটেল ডেস্ক,৫ চেপ্টেম্বৰতঃ ৰাজ্যৰ নিবনুৱাসকলৰ বাবে ৰাজ্য চৰকাৰে লৈ আহিছে সুখবৰ৷।অচিৰেই শিক্ষা বিভাগে শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব।আগন্তুক ৯ ছেপ্টেম্বৰত প্ৰকাশ পাব শিক্ষা বিভাগৰ প্ৰথমটো বিজ্ঞাপন।২৩ হাজাৰ শিক্ষকক আগন্তুক সময়ত নিযুক্তি প্ৰদান কৰিব শিক্ষা বিভাগে।শিক্ষক দিৱসৰ দিনাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।ৰাজ্যৰ শিক্ষা বিভাগত বহু পদ খালী হৈ থকাৰ কথা উল্লেখ কৰিছে মন্ত্ৰী গৰাকীয়ে।খালী পদ পূৰণৰ বাবে বহু প্ৰতিবন্ধকতাও আছে বুলি উল্লেখ কৰে মন্ত্ৰী ড° ৰণোজ পেগুৱে।
এই প্ৰতিবন্ধকতা দূৰ কৰি এটা এটা শিক্ষকৰ পদ পূৰণ কৰা হ’ব বুলি মত পোষণ কৰে মন্ত্ৰীগৰাকীয়ে৷বিদ্যালয় সমূহৰ আন্তঃগাঁথনিৰ যি সমস্যা আছে, সেই সমস্যা দূৰ কৰিবৰ বাবে ৰিজাৰ্ভ বেংকৰ গাইড লাইন অনুসৰি নাবাৰ্ডৰ পৰা ঋণ লোৱা হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে৷যিসমূহ বিদ্যালয়ে মহান মনিষীৰ সৃষ্টি কৰাৰ লগতে ৭৫ বছৰ অতিক্ৰম কৰিলে তেনে ২০৯ খন বিদ্যালয়লৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ কোটিকৈ ধন আগবঢ়াব বুলিও জনায় শিক্ষা মন্ত্ৰীয়ে৷

উল্লেখযোগ্য যে এই ঘোষণাই স্বাভাবিকভাৱেই উৎফুল্লিত কৰি তুলিছে শিক্ষিত নিবনুৱা সকলক৷