গুৱাহাটীঃ ২৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলগীয়া দিনটোত জয় লাভেৰে ওস্তাদ হ’ব পাৰে নে নোৱাৰে সেয়া এতিয়াই ক’ব পৰা নগ’লেও ২৩ অক্টোবৰত 'ওস্তাদৰ খেল শেষ ৰাতি’ৰ লেখীয়াকৈ খেল দেখুৱাবলৈ সমৰ্থ হ’ল সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰা। ২৫ হাজাৰ টকা বণ্ডত জামিন লৈ মুকলি আকাশৰ তলত থকা ভূ-মাফিয়া হিচাপে খ্যাত বিহালীৰ এইগৰাকী প্ৰাক্তন বিজেপি নেতাই অসম সন্মিলিত মৰ্চা অৰ্থাৎ পূৰ্বৰ বিৰোধী ঐক্য মঞ্চৰ সকলো অংকত আউল লগাই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈয়ে লাভ কৰে কংগ্ৰেছৰ টিকট।
বুধবাৰে পুৱা ১০ বজাৰে পৰা গোটেই দিনটো অসম সন্মিলিত মৰ্চাৰ নেতাসকলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ নেতাসকলকো চৰম উৎকণ্ঠাত ডুবাই ৰাখি নিশা ১১ বাজি ৯ মিনিটত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। কংগ্ৰেছৰ শীৰ্ষ সূত্ৰৰ উধৃতিৰে বিগত কেবাদিনো ধৰি চলি থকা চৰ্চা অনুযায়ীয়েই জয়ন্ত বৰাকেই প্ৰদান কৰা হয় প্ৰাৰ্থিত্ব। অবৈধভাৱে আনৰ ভূমি দখলৰ গুৰুতৰ অভিযোগ থকা সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক প্ৰাৰ্থী কৰাৰ লগে লগে কংগ্ৰেছে তেওঁৰ কুকীৰ্তিক মহিমামণ্ডিত কৰিব খোজা বুলিও অভিযোগ উঠিছে৷
অবৈধ কাম-কাজৰ বাবে কুখ্যাত হৈ পৰা প্ৰাক্তন বিজেপি নেতাজনক কংগ্ৰেছে পুৰস্কৃত কৰিব খুজিছে বুলিও অভিযোগ উঠিছে৷ উল্লেখ্য যে, বিহালীত কংগ্ৰেছে শেষ মুহূৰ্তত টিকট প্ৰদান কৰা জয়ন্ত বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগত কেবাটাও গোচৰ চলি আছে৷ বৰাৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষী থানাত ৩০/২১ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ১২০বি/৪২০/৪০৯/৪৬৭/৪৬৮/৪৭১ ধাৰাত গোচৰ ৰুজু হৈ আছে৷ অবৈধ ভূমি বেদখলৰ গোচৰত ২৫ হাজাৰ টকাৰ বণ্ডত জামিন লৈ মুকলি আকাশৰ তলত থকা জয়ন্ত বৰাক বিজেপিয়ে গোচৰ সংক্ৰান্তিয় কাৰণতে টিকট নিদিয়া বুলি বিশ্বনাথ জিলা বিজেপিৰ এটা সূত্ৰই দাবী কৰিছে৷
নাম প্ৰকাশত অনিচ্ছুক বিশ্বনাথ জিলা বিজেপিৰ এজন নেতাই দাবী কৰি কয় যে জয়ন্ত বৰাই ক্ষমতাৰ অপব্যৱহাৰ কৰি ভূমি দখলৰ দৰে কাণ্ড সংঘটিত কৰাৰ অভিযোগ আছে৷ ভূ-মাফিয়াগিৰি কৰা বুলি বিজেপি নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰি আদালতত গোচৰ চলি থকা এটা কপি NNOৰ হাতত তুলি দি কয় যে এনে কাৰণতে বিজেপিত টিকটৰ পৰা বঞ্চিত হৈছিল বিতৰ্কিত জয়ন্ত বৰা৷ জয়ন্ত বৰাৰ কেৱল এটা ঘটনাৰ সৈতেই জড়িত নহয়৷ অবৈধ ধন ঘটিবলৈ এনে বহু কাণ্ড সংঘটিত কৰিছিল বুলিও কয় সূত্ৰটোৱে৷
জানিব পৰা মতে, ২০২১ চনৰ ২০ ছেপ্টেম্বৰত বিশ্বনাথৰ উপায়ুক্তই ৰাজহ চক্ৰৰ কাৰ্যালয়ত ব্যাপক অনিয়ম সংঘটিত কৰি অবৈধভাৱে ভূমি দখলৰ অভিযোগ আনি জয়ন্ত বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ এজাহাৰত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ সৈতে লগলাগি মধ্যস্থতাকাৰীৰ জৰিয়তে ৰাজহ বিভাগৰ তথ্য-পাতি নষ্ট কৰি ভুৱা নথি-পত্ৰ দাখিল কৰি ভূমি দখল কৰাৰ অভিযোগ আনিছিল৷ ভুৱা নথিৰে মাটি দখল কৰাই নহয়, সেই মাটিত জয়ন্ত বৰাৰ বিৰুদ্ধে নিৰ্মাণৰ কাম কৰাৰো অভিযোগ আছে৷ ক্ষমতাৰ অপব্যৱহাৰ কৰি যাৰ নামত ভূমি ম্যাদী হৈ আছিল সেই লোকৰ নাম আঁতৰাই অন্য লোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল৷
২০২১ চনত ভূ-মাফিয়াৰ বিৰুদ্ধে বিজেপি চৰকাৰে চলোৱাৰ অভিযানৰ সময়ত খোদ বিজেপিৰ নেতা হোৱাৰ পিছতো জয়ন্ত বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ বিজেপিয়ে টিকট নিদিয়া সেইগৰাকী জয়ন্ত বৰাক হঠাতে কংগ্ৰেছে বুকুৰ আপোন কৰি লৈ টিকট প্ৰদান কৰিব খোজাৰ পিছতে বিশ্বনাথ জিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। সংবাদমেল আয়োজন কৰি জিলা কংগ্ৰেছৰ নেতাসকলে মুণ্ডন পৰ্যন্ত কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু সেই সকলোবোৰ প্ৰতিবাদ, আপত্তি নেওচি আজি নিশাৰ ভাগত কংগ্ৰেছে জয়ন্ত বৰাক টিকট প্ৰদান কৰাৰ পিছত কাইলৈ সমষ্টিটোত কংগ্ৰেছ দলৰ ভিতৰচ’ৰাৰ লগতে সন্মিলিত মৰ্চাৰ দলসমূহৰ মাজত অস্থিৰ নাটক চলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
উল্লেখ্য যে, আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ দিল্লীৰ পৰা পুৱাই এখন পত্ৰ আহিছিল৷ এই পত্ৰ লাভ কৰাৰ পাছতে ভূপেন বৰাই অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰিছিল৷ সেই পত্ৰতে বিহালীত জয়ন্ত বৰাই টিকট পাব বুলি একপ্ৰকাৰ ইংগিত প্ৰদান কৰিছিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। পত্ৰযোগে জিতেন্দ্ৰ সিঙে বিহালীৰ চিপিআইএমএলে প্ৰাৰ্থী কৰিব খোজা বিবেক দাসে বাৰে বাৰে নিৰ্বাচনত পৰাজিত হোৱাৰ তথ্য উল্লেখ কৰি বিবেক দাস শক্তিশালী প্ৰাৰ্থী নহয় বুলি দাবী কৰিছিল৷
জিতেন্দ্ৰ সিঙে পত্ৰ যোগে চিপিআইএমএলক বিবেক দাসৰ সলনি অন্য নেতাক প্ৰাৰ্থী কৰিব লাগে বুলি ভূপেন বৰাক জোৰ দিছিল৷ ৰাষ্ট্ৰীয় নেতা তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ এনে কথাক সহজে ল’ব নোৱাৰি ভূপেন বৰাই বিৰোধী ঐক্য মঞ্চ অসমৰ সভাপতি পদ ত্যাগ কৰা বুলি চৰ্চা চলিছে৷ জিতেন্দ্ৰ সিঙে কৈছিল যে প্ৰাৰ্থী বাছনি কোটাৰ ভিত্তিত হোৱাতকৈ যোগ্যতাৰ আধাৰত হ’ব লাগে৷ সৰ্বভাৰতীয় কংগ্ৰেছে মিত্ৰদলৰ বাবে প্ৰয়োজন অনুসৰি আসন এৰিবলৈ সাজু কিন্তু প্ৰাৰ্থীগৰাকী শক্তিশালী প্ৰাৰ্থী হ’ব লাগে৷ জিতেন্দ্ৰ সিঙে কয় যে মই যেতিয়া আলোচনা কৰিছিলো তেতিয়া বিবেক দাসে কেইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই কথা উল্লেখ কৰিছিলো৷ দাসে ২০০৬, ২০১১, ২০১৬ চনত সেই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৮-১২ হাজাৰ ভোট লাভ কৰিছিল আৰু আমানতৰ ধন পৰ্যন্ত বাজেয়াপ্ত হৈছিল৷
কিন্তু ২০২১ চনত যেতিয়া কংগ্ৰেছৰে মিত্ৰতা হোৱাত বিহালী চিপিআইএমএলক এৰি দিছিল তেতিয়া ২১ হাজাৰ ভোট লাভ কৰি বিবেক দাস তৃতীয় স্থানত আছিল৷ পত্ৰত এনে তথ্য উল্লেখ কৰি জিতেন্দ্ৰ সিঙে আৰু কয় যে এলায়েন্সৰ সহযোগী দলসমূহে সন্মত হৈছিল যে চিপিআইএমএল প্ৰাৰ্থী দুৰ্বল৷ মই অসম সন্মিলিত মৰ্চাৰ সদস্যসকলক যোগ্য প্ৰাৰ্থী বাছনি কৰি যোগ্যতাৰ ভিত্তিত ন্যায়সংগত সিদ্ধান্ত ল’বলৈ কৈছিলো৷ চিপিআইএমএল, এজেপি, ৰাইজৰ দলক প্ৰাৰ্থী সলনি কৰিবলৈ অনুৰোধ জনাইছিলো৷ যোগ্যতা আৰু জয় হ’ব পৰা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছৰ সম্পূৰ্ণ সমৰ্থন থাকিব বুলি কোৱা হৈছিল বুলিও কয় সিঙে৷ লগতে ৰাহুল গান্ধীৰ প্ৰসংগ টানি আনি জিতেন্দ্ৰ সিঙে কয় যে ৰাহুল গান্ধীয়ে সদায় সম-মনোভাপন্ন দলৰ কাষ চাপে৷ জনবিৰোধী আৰু বিজেপিৰ দৰে দেশবিৰোধী দলৰ বিৰুদ্ধে যুঁজ দিবলৈ একত্ৰিত হ'ব লাগে৷ সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী প্ৰাৰ্থী থিয় কৰোৱাৰ প্ৰয়াস কৰিব লাগে।
পত্ৰযোগে ভূপেন বৰাক পুনৰ অনুৰোধ জনাই জিতেন্দ্ৰ সিঙে কয় যে বিহালীৰ উপ-নিৰ্বাচনত যুটীয়াভাৱে এজন শক্তিশালী প্ৰাৰ্থী দিবলৈ পুনৰ সন্মিলিত মৰ্চাৰ সদস্যসকলক কোৱা হওক৷ কিন্তু এই পত্ৰৰ এটা বিন্দু এতিয়া চৰ্চাত৷ বিগত নিৰ্বাচনত বিহালী সমষ্টিত কংগ্ৰেছৰ সহযোগত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিবেক দাস৷ সেইবাৰ বিবেক দাসে বিগত ছয়বাৰ নিৰ্বাচন খেলাতকৈ বহু বেছি ভোট লাভ কৰিছিল৷ বিবেক দাসে ২৩ হাজাৰ ভোট লাভ কৰিছিল৷ আনহাতে জয়ন্ত বৰাই নিৰ্দলীয় হিচাপে খেলি লাভ কৰিছিল ২৪ হাজাৰ ভোট৷ এই পত্ৰযোগে বিবেক দাসে লাভ কৰা ভোটৰ সংখ্যা উল্লেখ কৰি দাসতকৈ জয়ন্ত বৰা ভোটৰ হিচাপেৰে অধিক যোগ্য বুলিও একপ্ৰকাৰ সন্মিলিত মৰ্চাক বুজাই দিবলৈ চেষ্টা কৰিছে জিতেন্দ্ৰ সিঙে।
বিগত নিৰ্বাচনত লাভ কৰা ভোটৰ সংখ্যাৰ হিচাপৰ লগতে আন একাধিক গোপন অংক আৰু সমীকৰণেৰই অৱশেষত ২৩ অক্টোবৰৰ শেষ নিশাৰ খেলত ওস্তাদ হৈ পৰিছে জয়ন্ত বৰা। দিল্লীলৈ হাত মেলি প্ৰাৰ্থিত্ব লাভৰ পিছত এতিয়া কাইলৈৰ পৰা সমষ্টিটোৰ অসন্তুষ্ট শিবিৰসমূহক জয়ন্ত বৰাই বশীকৰণ কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব ২৩ নৱেম্বৰত তেওঁৰ জয়-পৰাজয়।