ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পাঠদান চলি থকাৰ সময়তে এলাহাবাদ বিশ্ববিদ্যালয়ৰ চৌহদত স্নাতকোত্তৰৰ এগৰাকী ছাত্ৰক গুলীয়াই হত্যাৰ চেষ্টা কৰাৰ ঘটনা সংঘটিত হয়৷ দেহত গুলী লগাৰ ফলত নগেন্দ্ৰ সিং নামৰ ছাত্ৰজনক আন আন ছাত্ৰই ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে৷ 

জানিব পৰা মতে বিশ্ববিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে প্ৰাক্তন ছাত্ৰ চৰ্দাৰ সিঙে গুলীচালনা কৰি পলায়ন কৰে৷ পূৰ্বৰ শত্ৰুতা থকাৰ বাবেই গুলীচালনা কৰা বুলি জানিব পৰা গৈছে৷ নগেন্দ্ৰ সিঙৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ চৰ্দাৰ সিঙক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷