প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গুৱাহাটীঃ ৰাজ্য এতিয়া ক্ৰীড়াত মগন৷ এফালে ক্ৰিকেট আনফালে ফুটবল৷ ৰাজ্যৰ লাখ লাখ ফুটবল অনুৰাগীয়ে ভৰিৰ যাদু চাবলৈ বলিয়া হৈ থকাৰ সময়তে মঙলবাৰে অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ এখন হাই ভল্টেজ ক্ৰিকেট মেচ৷ ১৭ অনুৰ্ধ্ব বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেল সহ ৯ খন মেচ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হোৱাৰ সময়তে ভাৰত-অষ্ট্ৰেলিয়াৰ এখন হাই ভল্টেজ ক্ৰিকেট মেচে উৎসাহিত কৰিছে ৰাজ্যৰ ক্ৰীড়া অনুৰাগীক৷

প্ৰায় সাত বছৰৰ মুৰকত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক মেচক লৈ এতিয়া চৌদিশে চৰ্চা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাপাৰা ষ্টেডিয়াম উদ্ধোধন কৰাৰ পিছতে মঙলবাৰে অনুষ্ঠিত হ’ব ক্ৰিকেট অনুৰাগীৰ বহু আকাংক্ষাৰ টি-২০ মেচ খন৷ U-17 বিশ্বকাপ ফুটবলৰ বতৰত ক্ৰিকেট বলিয়া ৰাজ্যবাসীয়ে টিভিৰ সন্মুখত বহিবলৈ সাজু হৈ উঠিছে৷ কেৱল টিভিয়ে নহয় মোবাইলটো একাংশ লোকে এতিয়া খেল চোৱা আৰম্ভ কৰা দেখা যায়৷ চ’ক বজাৰৰ টিভিৰ দোকানত লগাই থোৱা বৰ বৰ টিভিত চকু থৈ চিঞৰি উঠিব বহু মানুহ৷

ৰগৰ-অভিমান কৰিব ধোনী-বিৰাটকলৈ৷ ৰাজ্যৰ বেছি সংখ্যক লোকেই ক্ৰিকেটৰ মেচ খন উপভোগ কৰিব টিভিত৷ ধনী মানুহৰ ক্ৰিকেটৰ লাখ লাখ সাধাৰণ অনুৰাগীয়ে টিভিৰ সন্মুখতে ক্ৰিকেটৰ চন্দ বিচাৰি পায়৷ কিয়নো সাধাৰণ লোকে মেচ চাবলৈ টিকিটৰ বাবে হাবাথুৰি খাব লগা হয়৷ বৰ বৰ মানুহৰ সৈতে ভাল সম্পৰ্ক নাথাকিলে টিকট পোৱাটো মঙ্গল গ্ৰহত মাটি কিনাৰ দৰে কথা৷ অসম ক্ৰিকেট সন্থা তথা ৰাজ্যৰ মন্ত্ৰী, বিধায়ক, চৰকাৰৰ বিষয়াৰ সৈতে সু-সম্পৰ্ক নাথাকিলে এটি টিকিট আপুনি মই পাবলৈ সক্ষম নহও৷

যাৰ বাবে বেছি সংখ্যক লোকেই টিভিৰ সন্মুখত বহিবলৈ সাজু হৈ উঠিছে৷ ভাৰত অষ্ট্ৰেলিয়াৰ দৰে দুই শক্তিক চাবলৈ সাজু ৰাজ্যবাসী৷ আমাৰ দেশৰ ধোনী, পাণ্ডিয়া, ৰোহিত, শিখৰৰ বেট-বলৰ যাদু চাবলৈ সাজু হৈ উঠিছে দেশ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ টিকট সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা লোকসকলে হয়তো ঢাপলি মেলিছে মহানগৰীলৈ৷ কিয়নো নিজৰ গাড়ী এক বজাৰ পুৰ্বে পাৰ্কিং কৰি লব পাৰিলে নিশ্চিন্ত মনে খেল চাব পাৰিব তেওলোকে৷

পূজাৰ আনন্দ উৎসৱৰ পিছত ৰাজ্যত যেন এতিয়া ক্ৰীড়াৰ উৎসৱ আৰম্ভ হৈছে৷ ফুটবলৰ জ্বৰত ৰাজ্য আক্ৰান্ত হৈ থকাৰ সময়তে ক্ৰিকেট আহিল মহানগৰীলৈ৷ U-17 বিশ্বকাপ ফুটবলৰ গুৱাহাটীত গ্ৰুপ লীগৰ ৬ খন মেচ, এখন প্ৰি-কোৱাৰ্টাৰৰ ফাইনেল আৰু কোৱাৰ্টাৰ ফাইলেন মেচ অনুষ্ঠিত হ’ব৷ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচত অংশ লব ই গ্ৰুপৰ চাৰি দেশে৷