আজাৰাঃ সীমান্ত পথ সংগঠন চমুকৈ বি.আৰ.অ.ৰ মহানগৰীৰ লংকেশ্বৰস্থিত পূৱ মণ্ডল মুখ্য কাৰ্য্যালয়ত আজি জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়াবহতা তথা প্ৰতিৰোধৰ বিৰুদ্ধে এক সজাগতামুলক অনুষ্ঠান অনুষ্ঠিত হয়। কাৰ্য্যালটোৰ সভাগৃহত অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক ড. শ্যাম সুন্দৰ পৰোৱালে।
শুভাৰম্ভ কৰি পৰোৱালে জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়াবহতাৰ ওপৰত আলোকপাত কৰি বাহিনীটোৰ জোৱান, কৰ্মচাৰী আৰু পৰিয়ালৰ মাজত এনেধৰণৰ সজাগতামুলক অনুষ্ঠান আয়োজন কৰা বাবে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিনীটোৰ পৰিয়ালৰ শিশুৰ পৰা ১৫ বছৰলৈকে লৰা-ছোৱালীক জাপানীজ এনকেফেলাইটিছ ৰোগৰ টিকা প্ৰদান কৰা হয়। অনুষ্ঠানত বাহিনীটোৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।