জিতুমণি দাস, আজাৰাঃ ৰাজ্য চৰকাৰে দুখীয়া লোকসকলৰ বাবে প্ৰদান কৰি অহা এটকীয়া চাউল চৰকাৰী কৰ্মচাৰীৰ একাংশ পৰায়ালেও বে-আইনীভাৱে লাভ কৰি অহাৰ অভিযোগ উঠি অহাৰ সময়তে পলমকৈ হ’লেও সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই এই চৰকাৰী কৰ্মচাৰীক শীঘ্ৰে ৰঙাঘৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব বুলি দিয়া হুংকাৰে বিশেষ তাৎপৰ্য বহন কৰেছে। 

দেওবাৰে পলাশবাৰীৰ উপৰহালীস্থিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ চৌহদত অনুষ্ঠিত হোৱা কামৰূপ জিলাৰ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ অধিৱেশনত উপস্থিত থাকি সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সম্পাদক হেমন্ত কুমাৰ ডেকাই চৰকাৰী কৰ্মচাৰীসকলৰ যিসকলে এটকীয়া চাউল ভোগ কৰি বে-আইনীভাৱে চৰকাৰৰ আঁচনিখন পৰিচালিত কৰি আহিছে সেইসকলক অহা ৩০ জুলাইৰ ভিতৰত নিজৰ ৰেচন কাৰ্ড সমূহ চৰকাৰক ওভতাই দিবলৈ আহ্বান জনায়। 

অন্যথা ৩০ জুলাইৰ পিছত সুলভ মূল্যৰ দোকানীৰ জৰিয়তে এইসকল লোকক চিনাক্তকৰণ কৰি তেওলোকল বিৰুদ্ধে বিভিন্ন জিলাৰ থানা সমূহত সন্থাই এজাহাৰ দাখিল কৰিব বুলিও জানিবলৈ দিয়ে। লগতে যিসমূহ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া ৰাইজক মাধমাৰ সোধাই দুৰ্নীতিত লিপ্ত হৈ আহিছে সেইসকল দোকানীকো উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত উপযুক্ত শাস্তি প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে সন্থাৰ কেন্দ্ৰীয় সম্পাদক হেমন্ত কুমাৰ ডেকাই। 

দিনযোৰাকৈ অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাত নতুনকৈ কামৰূপ জিলা সমিতিখন গঠন কৰা হয়। সমিতিখনত উদয় নাথক সভাপতি, সুভাষ মেধী কাৰ্যকৰী সভাপতি, হৰিচৰণ তালুকদাৰক সম্পাদক হিচাপে লৈ এখন পুৰ্ণাংগ সমিতি গঠন কৰে। লগতে সুলভ মূল্যৰ দোকানীসকলৰ জীৱন জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি মাহেকত ৩০ হাজাৰকৈ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাই। অধিবেশনৰ মুকলি সভাত কামৰূপ জিলাৰ সদস্য তথা সুলভ মূল্যৰ শতাধিক দোকানী উপস্থিত থাকে।