newsnextone.com | ডিজিটেল ডেস্কঃ আশাৰাম বাপু, ৰাম ৰহিম, ৰামপাল আদিবোৰ একো একোজন ধৰ্মগুৰু আছিল৷ এই গুৰু বা বাবা সকলে মানুহৰ অন্ধবিশ্বাসৰ সুযোগ লৈ ধৰ্মৰ নামত এক বিশাল বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷ 

আনহাতে মানুহৰ বিশ্বাসৰ আঁৰত এইকেইজন ভণ্ড বাবাই বিভিন্ন অসমাজিক কামতো লিপ্ত আছিল৷ মহিলাক ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ অভিযোগত দোষী সাব্যস্ত হৈ আশাৰাম বাপু, গুৰমিত ৰাম ৰহিম, ৰামপাল আদি ভণ্ড ধৰ্মগুৰুৱে সদ্যহতে কাৰাগাৰত বন্দী জীৱন কটাবলগীয়া হৈছে৷

শেহতীয়াকৈ এইবাৰ ভণ্ডামীৰ অভিোগ উত্থাপন হৈছে যোগ গুৰু বাবা ৰাম দেৱৰ বিৰুদ্ধে৷ হৰিদ্বাৰৰ এগৰাকী পেছাত ডাক্তৰ মীৰা নামৰ মহিলাই ছ’চিয়েল মিডিয়াত এটা ৯ মিনিট ৭ চেকেণ্ডৰ ভিডিঅ’ পোষ্ট কৰি বাবা ৰামদেৱৰ ভণ্ডামীৰ মুখাখন খোল খুৱাবৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ 

ডাক্তৰ মীৰা নামৰ মহিলা গৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি, বাবা ৰামদেৱে ধৰ্ম আৰু যগ সাধনাৰ নামত দেশক ধ্বংসৰ পথলৈ থেলি দিছে৷ তেওঁ ৰামদেৱৰ ভণ্ডামিৰ বিষয়ে সকলো কথাই জানে বুলি দাবী কৰি ইয়াৰ বিৰুদ্ধে কেইবাবাৰো প্ৰতিবাদ জনাইছে বুলিও মন্তব্য কৰে৷

ডাক্তৰ মীৰাই ভিডিঅ’টোত কয়, ‘মই এটা সময়ত নিজেই এগৰাকী সন্ত হ’ব বিচাৰিছিলো৷ কিন্তু বাবা ৰামদেৱক যেতিয়া মই ওচৰৰ পৰা জানিলো, মোৰ এই ইচ্ছা নাইকীয়া হ’ল৷ বাবা ৰামদেৱে ধৰ্ম আৰু যোগ সাধনাৰা আঁৰত বহু সমাজবিৰোধী কাম কৰি আহিছে৷ মোৰ ওচৰত তেওঁৰ ভণ্ডামিৰ সকলোবোৰ তথ্য মজুত আছে৷ মই ৰামদেৱৰ সভ্যতাৰ মুখা খুলি প্ৰধানমন্ত্ৰীলৈ ৪৪ পৃষ্ঠাৰ এখন চিঠি লিখিছিলো৷ কিন্তু চৰকাৰে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷’

মহিলাগৰাকীয়ে ৰামদেৱৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ৰামদেৱে তেওঁৰ গুৰু ৰাজীৱ দিক্ষীতক হত্যা কৰিছিল৷ ডাক্তৰ মীৰাই ৰামদেৱক হত্যাকাৰী সজাই ইয়াৰ সম্পূৰ্ণ তথ্য নিজৰ লগত থকা বুলি দাবী কৰে৷ আনহাতে দেশৰ প্ৰায়বোৰ সংবাদ মাধ্যমেই ৰামদেৱৰ ওচৰত বিক্ৰি হোৱা বুলি অভিযোগ উত্থাপন কৰি মীৰাই কয়, ‘মই দেশৰ প্ৰায়বোৰ সংবাদমাধ্যমত ৰামদেৱে গুৰু ৰাজীৱ দিক্ষীতক হত্যা কৰাৰ তথ্য ফাদিল কৰিছিলো৷ কিন্তু ৰামদেৱে প্ৰতিমাহে কোটি কোটি টকা দি সংবাদ মাধ্যমবোৰক নিজৰ হস্তগত কৰি ৰাখিছে৷ যাৰ ফলত মোৰ কথা বোৰ কোনো সংবাদমাধ্যমে প্ৰকাশ নকৰে৷’

আনহাতে, ৰামদেৱৰ কলুষতাৰ তথ্য উদঙাই ডাক্তৰ মীৰাই তিনিবাৰ আদালতত গোচৰ ৰুজু কৰিছিল বুলিও ভিডিঅ’টোত উল্লেখ কৰে৷ তেওঁ ৰামদেৱৰ চৰিত্ৰ উদঙাই দেশৰ ৪৪ গৰাকী প্ৰতিষ্ঠিত লোকক পত্ৰ প্ৰেৰণ কৰা বুলি কয়৷ কিন্তু জোৰ যাৰ মুলুক তাৰ বাক্যৰ লেখিয়াকৈ কোনেও ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা নকৰে বুলিও অভিযোগ কৰে মীৰাই৷

ইফালে ৰামদেৱে বিবাহ নকৰাই বহু নাৰীৰ সৈতে সম্বন্ধ ৰাখি আহিছে বুলিও দাবী কৰে মহিলাগৰাকীয়ে৷ ডাক্তৰ মীৰাই দাবী কৰি কয় যে ৰামদেৱৰ আশ্ৰমত সন্ত হিচাপে ধৰ্ম প্ৰচাৰ কৰা ৰাধিকা নাগৰাতা নামৰ এগৰাকী মহিলাৰ সৈতে ৰামদেৱে শাৰীৰিক সম্বন্ধ স্থাপন কৰি আহিছে৷ ৰাধিকা নাগৰাতা নামৰ মহিলাগৰাকীৰ সম্পূৰ্ণ কুকৰ্মৰ তথ্য তেওঁৰ ওচৰত আছে বুলিও দাবী কৰে ডাক্তৰ মীৰাই৷

আংচু পাৰো নামৰ এগৰাকী মহিলাৰ লগত ৰামদেৱে দিনত ৰাশী পিন্ধি নিশা কুকৰ্মত লিপ্ত হয় বুলি দাবী কৰে ডাক্তৰ মীৰাই৷ তেওঁৰ মতে, বাবা ৰামদেৱে বহু নাৰীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰি দিনত সমাজৰ চকুত ভাল দেখুৱাই আহিছে৷ ৰামদেৱৰ এনে কুচৰিত্ৰৰ বিষয়ে প্ৰকাশ নহ’লে ভৱিষ্যতে দেশবাসীয়ে পুনৰ এবাৰ ধৰ্ম আৰু গুৰুৰ ওপৰত বিশ্বাস হেৰুৱাবলগীয়া হ’ব বুলিও মন্তব্য কৰে তেওঁ৷

আনহাত, বাবা ৰামদেৱে পতঞ্জলীৰ নাম দি বিক্ৰি কৰা ঘি, মৌ আদিৰ পৰা ঔষধলৈ সকলোবোৰ ভেজাল সামগ্ৰী বুলি দাবী কৰে ডাক্তৰ মীৰা নামৰ মহিলাগৰাকীয়ে৷ তেওঁ নিজে পতঞ্জলিৰ প্ৰডাকচন বিভাগত কাম কৰাৰ অভিজ্ঞতাৰ পৰা দাবী কৰি কয় যে ৰামদেৱে দেশীয় সামগ্ৰীৰ নাম দি দেশবাসীক আভুৱা ভাৰি আহিছে৷

ইফালে, বাবা ৰামদেৱৰ বিৰুদ্ধে মাত মতাৰ বাবে ৰামদেৱ আৰু তেওঁৰ ভক্তসকলে ডাক্তৰ মীৰৰ ওপৰত কেইবাৰো শাৰিৰীক, মানসিক নিৰ্যাতন চলাই আহিছে বুলিও মন্তব্য কৰে মহিলাগৰাকীয়ে৷ সংবাদ মাধ্যম, নেতা, মন্ত্ৰী আনকি প্ৰধানমন্ত্ৰীয়েও ৰামদেৱৰ বিৰুদ্ধে কোনো ব্যৱস্থা হাতত নলোৱাত দেশৰ স্বাৰ্থত তেওঁ ছ’চিয়েল মিডিয়া যোগে ৰামদেৱৰ মুখা খুলিব বিচৰা বুলি ভিডিঅ’টোত প্ৰকাশ কৰে৷

ইফালে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে৷ ৰাম ৰহিম, আশাৰাম বাপু, ৰামপাল আদিৰ দৰে ভণ্ড বাবাৰ কুকাণ্ডৰ পিছত ৰামদেৱৰ দৰে এগৰাকী জনপ্ৰিয় বাবাৰ মুখা খনো সুলকি পৰে নেকি বুলি চৰ্চা চলা পৰিলক্ষিত হৈছে৷