ডিজিটেল ডেস্কঃ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই ৰোহতক আদালতে বাবা ৰাম ৰহিমক দহ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে৷

২০০২ চনৰ ধৰ্ষণৰ গোচৰত অভিযুক্ত বাবা ৰাম ৰহিমক দহ বছৰৰ সশ্ৰম কাৰদণ্ড ঘোষণা কৰাৰ লগে লগে বাবাৰ সমৰ্থক ক্ষোভিত হৈ পৰে৷

বাবা ৰাম ৰহিমৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দুখন চাৰিচকীয়া বাহন জ্বলাই দিয়ে সমৰ্থকে৷ বিচাৰৰ ৰায় ঘোষণা পাছতে বাবা ৰাম ৰহিমে সমাজৰ কাম কৰিবৰ বাবে তেওঁক ৰেহাই দিয়াৰ বাবে আহ্বান জনাই কান্দোনত ভাঙি পৰে৷

আজি চিবিআইৰ বিশেষ আদালতত এই ৰায় ঘোষণা কৰে৷ চিবিআইৰ বিশেষ আদালতৰ ন্যায়ধীশ জগদীপ সিঙে এই ৰায় ঘেষণা কৰে৷ ৩৭৬, ৫১১, ৫০৬ নম্বৰৰ গোচৰৰ  ৰায় প্ৰদান কৰি ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে৷ এতিয়াৰ পৰা সোণাৰিয়া জেলৰ ১৯৯৭ নম্বৰৰ কয়দী ৰূপে জনা যাব বাবা ৰাম ৰহিমক৷ 

ধৰ্ষণৰ গোচৰত ডেৰা সচ্ছা ছৌদা প্ৰধান গুৰমিত ৰাম ৰহিম সিং ইনছান দোষী সাব্যস্ত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰিছিল পঞ্জাৱ আৰু হাৰিয়ানাৰ বিভিন্ন স্থান৷ উত্তেজিত লোকসকলক শান্ত কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়৷

আৰক্ষীৰ গুলীৰ লগতে আন হিংসাত্মক ঘটনাত এতিয়ালৈকে ৩৮ জনকৈ লোক নিহত হোৱাৰ বাতৰি পোৱা গৈছে৷ এনে হিংসাত্মক ঘটনাত আহত হৈছে অতি কমেও ২০০জনকৈ লোক।

শুকুৰবাৰে হাৰিয়ানাৰ পাঁচকুলাৰ বিশেষ চিবিআই আদালতে ডেৰা প্ৰধান ৰাম ৰহিমক দোষী সাব্যস্ত কৰে৷ আজি উক্ত গোচৰৰ ৰায় ঘোষণা কৰে। 

আদালতৰ ৰায় ঘোষণা কৰাৰ পাছতে হাৰিয়ানা আৰু পঞ্জাৱত স্বয়ম্ভূ ঈশ্বৰগৰাকীৰ সমৰ্থনত লাখ লাখ ভক্ত একত্ৰিত হোৱাৰ আশংকা কৰা হৈছে। 

পৰিস্থিতি দেখি হাৰিয়ানা চৰকাৰে আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে ৫৩ টাকৈ অৰ্ধসামৰিক বাহিনীৰ কোম্পানী আৰু ৫০ হাজাৰ আৰক্ষী মোতায়েন কৰে৷ সেনা-আৰক্ষী-চিআৰপিএফেৰে ভৰি পৰে ডেৰা প্ৰধানৰ আশ্ৰম৷ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় ৰায় প্ৰদান কৰা পাঁচকুলাতো৷

উল্লেখ্য যে ২০০২ চনত তদানীন্তন প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ীলৈ পৰিচয় গোপনে ৰাখিবলৈ অনুৰোধ জনাই এখন চিঠি লিখিছিল ৰাম ৰহিম সিঙৰ আশ্ৰমৰ এগৰাকী মহিলাই৷ মহিলাগৰাকীয়ে ডেৰা প্ৰধানৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷

কেৱল সেয়াই নহয়, ডেৰা প্ৰধানগৰাকীয়ে আশ্ৰমৰ আৰু কেইবাগৰাকী মহিলাক ধৰ্ষণ কৰা বুলি চিঠিত অভিযোগ উত্থাপন কৰিছিল৷

উক্ত অভিযোগৰ ভিত্তিতে বিষয়টোৱে আদালত আৰু চিবিআইৰ মজিয়া পাইগৈ৷ এনেকৈয়ে সুদীৰ্ঘ সময়ৰ বিচাৰৰ অন্তত শুকুৰবাৰে দোষী সাব্যস্ত হয় আৰু আজি দহ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে চিবিআইৰ বিশেষ আদালতে।

আজি দুটা গোচৰত পৃথকে পৃথকে ৰায় দান দিয়ে আদালতে। প্ৰথমটো ৰায়দানৰ পিছত আন এটি গোচৰৰ ৰায় দি ১০ বছৰৰ কাৰাদণ্ড বিহে বাবাক। ২০ বছৰৰ সশ্ৰম কাৰাণ্ড বিহে বাবা ৰাম ৰহিমক৷ আনহাতে জৰিমনা ভৰিব লাগিব ৩০ লাখ টকা ৰাম ৰহিমে৷ ধৰ্ষণৰ গোচৰত বিচাৰক জগদীপ সিঙে ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে আন এটি গোচৰত দোষী প্ৰমাণিত হোৱাত পুনৰ দহ বছৰৰ কাৰদণ্ড ঘোষণা কৰাত বাবাই এতিয়া ২০ বছৰৰ জেল খাতিব লগা হ’ব৷