ডিজিটেল ডেস্কঃ বেডমিন্টন ষ্টাৰ চাইনা নেহৱালৰ নেতৃত্বত আজুৰি আনিলে স্বৰ্ণ মেডেল। বেডমিন্টনত সোণৰ পদক লাভ কৰাৰ লগে লগে দশমটো স্বর্ণপদক ভাৰতৰ হাতলৈ আহিল। বেডমিন্টন ষ্টাৰ চাইনা নেহৱালৰ নেতৃত্বত ভাৰতৰ বেডমিন্টন দলে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰি আন এক ইতিহাস ৰচনা কৰে৷ ভাৰতে মালেছিয়াক ৩-১ হৰুৱাই স্বৰ্ণ পদক লাভ কৰে৷ 

বেডমিণ্টনৰ মিক্সড ডবলছত ছাইনা নেহৱাল, অশ্বিনী পোনাপ্পা, এন চিক্কি ৰেড্ডী, কিদাম্বি শ্ৰীকান্ত, সাত্বিক ৰেনকিৰেদ্দী আৰু চিৰাগ চন্দ্ৰশেখৰ ছেট্টীয়ে অংশ লয়। পঞ্চম দিনত স্বৰ্ণ পদক বেডমিন্টনৰ জৰিয়তে আহে৷ পঞ্চমটো দিনত পুৱাও এটা সোণৰ পদক লাভ কৰে ভাৰতে৷

পুৱা জিতু ৰায়ে স্বৰ্ণ পদক লাভ কৰিছিল এয়াৰ পিষ্টলত৷ শ্বুটাৰ জিতু ৰায়ে সোণ আৰু শ্বুটাৰ ওম প্ৰকাশ মিথাৰৱালে ব্ৰঞ্জৰ পদক লাভ কৰে৷ ভাৰত্তোলনত প্ৰদীপ সিঙে পুৰুষৰ ১০৫ কেজি শাখাত ৩৫০ কেজি ভাৰ দাঙি ৰূপৰ পদক লাভ কৰে। বেডমিন্টন স্বৰ্ণ লাভ কৰাৰ পাছতেই ভাৰতে এতিয়ালৈ ১৯টা মেডেল লাভ কৰিছে৷ ১০ স্বৰ্ণ, ৪ ৰূপ আৰু ৫টা ব্ৰঞ্চৰ মেডেল লাভ কৰিছে৷

দেওবাৰে কমনৱেলথ গেমছত ভাৰতৰ মহিলা টেনিচ দলে ছিংগাপুৰক হৰুৱাই সোণৰ মেডেল লাভ কৰি ইতিহাস সৃষ্টি কৰে৷ ইয়াৰ দ্বাৰা ভাৰতলৈ সপ্তমটো সোণৰ মেডেল আহিছিল৷ মহিলা টেনিচৰ ফাইনেল খেল খন ছিংগাপুৰৰ সৈতে অনুষ্ঠিত হৈছিল যদিও ধৰাশয়ী হয় ছিংগাপুৰ দল৷ এই মেডেল লাভ কৰে মণিকা বট্ৰাৰ বাবে৷ ১১-০৭, ১১-০৪ আৰু ১১-০৭ত মণিকাই সোণৰ মেডেল আজুৰি আনে৷ আনহাতে ভাৰত্তোলনত বিকাশ ঠাকুৰে ব্ৰঞ্জৰ মেডেল লাভ কৰে৷ ৯৪ কেজিত এই মেডেল লাভ কৰে বিকাশে৷