কামপুৰঃ দেশ স্বাধীন হোৱাৰ সাতটা দশক পাৰ হ'বৰ হ'ল যদিও আজিও ২৫খন গাঁৱৰ ৰাইজে মৰণক শৰণ কৰি বাঁহৰ দলঙৰে আহ-যাহ কৰিবলগীয়া হৈ আহিছে।

বহিঃ জগতৰ সৈতে যোগাযোগৰ একমাত্ৰ সম্বল ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মিত বাহৰ দলংখন বানপানীত উটি যোৱাত মূৰে-কপালে হাত দিছে ৰাইজে৷ ৰহা বিধান সভা সমষ্টিৰ শিঙিমাৰী ঘাটত বৰপানী নদীৰ পানীয়ে উটুৱাই নিয়ে বাঁহৰ দলংখন।

ফলত হাহাকাৰ লাগিছে অঞ্চলটোৰ ২৫খন গাঁৱৰ ৰাইজৰ মাজত। বাঁহৰ দলংখন বৰপানী নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়াত অহা-যোৱাৰ বাবে ৰাইজে এতিয়া টুলুঙা নাঁও ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছে।

ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক এখন পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই অাহিছে যদিও গা লৰা নাই চৰকাৰৰ। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ সলনি হয় যদিও অঞ্চলটোৰ সমস্যা সমস্যা হৈয়ে থাকে।

সেয়ে স্থানীয় ৰাইজে ৰাজ্য চৰকাৰক শীঘ্ৰে ৰহা বিধান সভা সমষ্টিৰ শিঙিমাৰী বজাৰ ঘাটত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে।