ডিজিটেল ডেস্কঃ মাত্ৰ ৪০ মিনিটৰ এটা ভাষণ। সেয়া কোনো এলা-পেচা মানুহৰ ভাষণ নহয়। সেই ভাষণ আছিল আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। সেই ভাষণে স্তব্ধ কৰিছিল সমগ্ৰ দেশ৷ স্তব্ধ হৈ পৰিছিল দেশৰ সম্পূৰ্ণ অৰ্থনীতি৷ প্ৰায় ভাগৰে মুৰত পৰিছিল মাধমাৰ৷
কোনো আগজাননী নহোৱাকৈ প্ৰধানমন্ত্ৰী মোডীৰ সেই ৪০ মিনিটৰ ভাষনতেই হঠাৎ বন্ধ হৈ পৰিছিল দেশৰ সকলোতকৈ বেচি প্ৰচলিত ৫০০ আৰু ১০০০ টকীয়া নোট৷ কলা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে কৰা এই নোট বন্দীত বন্দী হৈ পৰিল যেন দেশৰ জনতা৷
এবছৰ পূৰ্বে ২০১৬ চনৰ আজিৰ দিনটোতে তথা ৮ নৱেম্বৰৰ সন্ধিয়া কলা ধন ৰোধ, ডিজিটেল ইণ্ডিয়া, নকল নোটৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰে কোনো নতুন নোট অবিহনে আগতীয়াকৈ সঠিক পৰিকল্পনা নকৰাকৈয়ে সমগ্ৰ দেশত বন্ধ হৈ পৰিল ৫০০-১০০০ টকীয়া নোট৷ এইবাৰ মোডী চৰকাৰে চকু দিছে চকু দিছে চেক বুকত।
৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰাৰ পিছত এইবাৰ বন্ধ কৰাৰ হোৱাৰ দিশে চেকবুক৷ জানিব পৰা মতে, ডিজিটেল লেনদেনৰ প্ৰতি উৎসাহি আৰু আকৰ্ষিত হৈ এইবাৰ মোডী চৰকাৰৰ পৰৱর্তী চকু পৰিছে বেংকৰ চেকবুকত। শীঘ্রেই চেকবুক নিষিদ্ধ কৰিব পাৰে চৰকাৰে। অল ইণ্ডিয়া ট্রেডাৰ্চ কনফেডাৰেছনৰ এজন উচ্চ পৰ্যায়ৰ বিষয়াই এই কথা জানিবলৈ দিয়ে সংবাদমাধ্যমক।
সংগঠনৰ মহাসচিব প্রবীণ খাণ্ডেলৱালে ডিজিটেল লেনদেনেৰ স্বার্থতেই ডেবিট আৰু ক্রেডিট কার্ডৰ ব্যৱহাৰত উৎসাহিত কৰাৰ বাবে আগ্রহী চৰকাৰ। সেই কাৰণেই ভৱিষ্যতে চেকবুক নিষিদ্ধ কৰাৰ সম্ভাৱনা আছে।’ যদিও এই সম্পৰ্কে কেন্দ্রীয় বিত্ত মন্ত্রী তথা RBI-ৰ ফালৰ পৰা কোনো তথ্য প্ৰকাশ কৰা নাই।
বিমুদ্রাকৰণৰ ফলত বিভিন্ন দিশত সমস্যাত পৰিছিল নাগৰিকসকল। শ্রমিকৰ পৰা ব্যবসায়ীলৈ সকলোৱে নোটবন্দীৰ বাবে সমস্যাত পৰিছিল৷ এইবাৰ চেকবুক বন্ধ হ’লে পুনৰ সমস্যাত পৰিব পাৰে নাগৰিক। মূলত ব্যৱসায়ীসকলৰ সমস্যা পৰাৰ আশংকা কৰা হৈছে।
আর্থিক লেনদেন আৰু একাউন্টৰ আৰম্ভ কৰাৰ সময়ত চেকবুকৰ প্ৰয়োজন হয়। দেশত বৰ্তমানেও ৯০ শতাংশৰো অধিক লেনদেন নগদ বা চেকৰ জৰিয়তে হয়। তেনেক্ষেত্রত হঠাৎ চেকবুক বন্ধ হলে সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে৷