গুৱাহাটীঃ বৰাক উপত্যকাত খলকনি লগাইছে এটি ভিডিঅ’ই৷ ছচিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’টো ইতিমধ্যে কেইবাশ লোকে চেয়াৰ কৰিছে৷ ভিডিঅ’টো বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ এখন বিদ্যালয়ৰ ভিতৰত ৰেকৰ্ড কৰা৷ ভিডিঅ’টোত বিশেষ একো নাই যদিও ভিডিঅ’টোৰ সৈতে লিখি দিয়া কথা খিনিই বিশেষ গুৰুত্ব লাভ কৰাত একাংশ লোকে ব্যাপত হাৰত ভিডিঅ’টে চেয়াৰ কৰিছে৷ এটি বিশেষ ধৰ্মৰ নাম লৈ সেই ধৰ্মৰ ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ভিডিঅ’টো যোগে৷

‘বৰাকৰ সংখ্যালঘু হিন্দু’ নামৰ পেজটোৰ পৰা চেয়াৰ কৰা ভিডিঅ’টো কেইবা হাজাৰ লোকে চোৱাৰ লগতে কেইবা শ লোকে চেয়াৰ, কমেণ্ট কৰিছে৷ ভিডিঅ’টোত এখন স্কুলৰ কোঠাত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কেইগৰাকী মান যুৱকে শিক্ষকক বিভিন্ন প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে৷ শিক্ষক-শিক্ষয়িত্ৰীসকলক ছাত্ৰক টুপী আৰু ছাত্ৰীয়ে কপালত ফোট লৈ অহাটো বন্ধ কৰিছে নেকি বুলি এগৰাকী শিক্ষয়িত্ৰীক প্ৰশ্ন উত্থাপন কৰে৷ 

শিক্ষয়িত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে আমি যি কৰো সকলো ছাত্ৰ-ছাত্ৰীৰ ভালৰ বাবে কৰো৷ ২ মিনিট ৩০ ছেকেণ্ডৰ এই ভিডিঅ’টোত যুৱকসকলৰ এটাৰ পিছত এটা প্ৰশ্ন উত্থাপন কৰাত শিক্ষক-শিক্ষয়িত্ৰীসকলক অসহায় অৱস্থাত দেখা গৈছিল৷ জানিব পৰা মতে, কৰিমগঞ্জ জিলাৰ কলকলিঘাট এলেকাৰ স্কুল খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক টুপী আৰু কপালত ফোট লগোৱাত হকা-বাধা কৰিছিল বুলি খোদ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰে৷ 

এই অভিযোগ উত্থাপন হোৱাৰ পিছতে স্থানীয় একাংশ যুৱকে বিদ্যালয় খনত উপস্থিত হোৱাত শিক্ষিয়িত্ৰীগৰাকীয়ে এই কথা অস্বীকাৰ কৰি কেৱল ছাত্ৰ-ছাত্ৰীৰ ভালৰ বাবে আমি কাম কৰো বুলি কয়৷ আনহাতে এই ঘটনাক ‘বৰাকৰ সংখ্যালঘু হিন্দু’ নামৰ পেজটোৱে হিন্দু ছাত্ৰ-ছাত্ৰীৰ ওপৰত হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰে৷ 

পেজটোৱে উল্লেখ কৰি কয় ‘‘ঘটনাটো অসমৰ কৰিমগঞ্জ জিলাৰ কলকলিঘাট এলেকাৰ। ইয়াত এখন চৰকাৰী স্কুলত "তিলক" লগাই যোৱা হিন্দু ছাত্রক বিশেষভাবে শাস্তি প্রদান কৰে স্কুলৰ শিক্ষয়িত্ৰী আলিশা তালুকদাৰে। বিশেষ ভাবে হিন্দু ছাত্রৰ ওপৰত এইধৰণৰ শাস্তি দিয়াৰ কথা অৱগত হৈ স্কুলখনলৈ যায় একাংশ হিন্দু যুৱক৷ কিন্তু ঘটনাটো মধ্যস্থতাকাৰীৰ জৰিয়তে সমাধান কৰা হয়৷ কিন্তু আমাৰ প্ৰশ্ন চৰকাৰী স্কুলত ফোট লৈ অহাটো অপৰাধ নেকি? আমি ইছলামিক দেশত আছোনে ধৰ্মনিৰপেক্ষ ভাৰতত আছো৷’’

বি.দ্ৰ.- newsnextone.com কোনো লোকৰ পক্ষ লৈ এই বাতৰি প্ৰকাশ কৰা নাই৷ এই কথা কব লাগিব যে স্কুলৰ খনৰ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে একেই অভিযোগ টুপী পিন্ধি অহা ছাত্ৰই কৰিছিল বুলি জানিব পৰা যায়৷ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে একো একোটা তথ্য ৰাজহুৱা কৰাৰ সময়ত ধৰ্মীয় মেৰুকৰণ কৰাৰ পৰিৱৰ্তে এক যোগাত্মক চিন্তাৰ প্ৰতিফলন কৰাৰ চেষ্টা কৰা উচিত সেয়া হে বিচাৰে newsnextone.com-এ৷ কিয়নো সাম্প্ৰদায়িক কথাৰে ছচিয়েল মিডিয়াত এৰি দিয়া খবৰ বোৰ বহু সোনকালে ভাইৰেল হৈ পৰে৷ যাৰ ফলত সমাজত এক উত্তেজনা মূলক পৰিৱেশে বিৰাজ কৰাৰ থল থাকে৷ ছচিয়েল মিডিয়াত সক্ৰিয় লোকে চিন্তাৰ সলনি কৰাৰ সময় আহি পৰিছে কেৱল সমাজৰ শান্তি, প্ৰগতিৰ স্বাৰ্থত৷