মঙলদৈঃ মোবাইল টাৱাৰৰ বেটাৰী চোৰ কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল চাৰি চোৰ৷ ছিপাঝাৰৰ দীঘিৰপাৰত পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত দিঘিৰপাৰত মেক্সিম' পিক আপ ভানলৈ কামৰূপৰ বকোৰ পৰা অহা চোৰক হাতে-লোটে ধৰিলে আৰক্ষীয়ে৷

জানিব পৰা মতে কামৰূপৰ বকোৰ পৰা এটি ৬ জনীয়া চোৰৰ দলে গাড়ী লৈ দৰঙৰ দীঘিৰপাৰত মোবাইল টাৱাৰৰ বেটাৰী চোৰ কৰিবলৈ আহে৷

দীঘিৰপাৰত এটি মোবাইল টাৱাৰৰ বেটাৰী খুলি থাকোতেই পাথৰিঘাট আৰক্ষী চকীৰ তহলদাৰী আৰক্ষীৰ চকুত পৰে৷ আৰক্ষীয়ে চোৰৰ দলটোৰ চাৰিজনক আটক কৰিবলৈ সক্ষম হয় যদিও ২জন পলাই সাৰিবলৈ সক্ষম হয়।

জহিদুল ইছলাম, আব্দুল চেলিম, মকিব আলি, চাইফুল ইচলাম নামৰ চোৰ কেইজনে অনা AS-24-CC-2980 নম্বৰৰ গাড়ীখনৰ পৰা ২৪টা মোবাইল টাৱাৰৰ বেটাৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।