newsnextone.com | ডিজিটেল ডেস্কঃ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে মাথো এটা ঘোষণা কৰিছিল৷ এই ঘোষণাৰ লগে লগে স্তদ্ধ হৈ পৰিছিল দেশ৷ ৫০০-১০০০ টকাৰ নোট বন্ধ কৰাৰ ফলত দেশত হাহকাৰ লাগিছিল৷ ৰোগী, লৰা-ছোৱালীৰ বিবাহৰ দিন থিক কৰা পৰিয়াল, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে ব্যাপক সমস্যাত পৰিছিল৷ ২০০০ টকাৰ বাবে দিনৰ দিনটো বেংকত লাইনৰ থিয় দিব লগা হয় হাজাৰ হাজাৰ লোকে৷

টকাৰ অভাৱত ককবকাব লগা হয় দেশৰ লাখ লাখ লোকে৷ এই দিনটোক ইতিহাসে কলা দিৱস হিচাপে মনত ৰাখিব সমগ্ৰ দেশ৷ বিমুদ্ৰাকৰণ দেশৰ অৰ্থনীতিলে ভয়ংকৰ দিন কঢ়িয়াই অনা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷

প্ৰায় ১৫০ গৰাকী লোক বেংক-এটিএমত লাইনত থিয় হৈ মৃত্যুবৰণ কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগ, মধ্যম উদ্যোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি অভিযোগ উত্থাপন হোৱা বুলি আজিও অভিযোগ উত্থাপন হয়৷ 

তাৰ মাজতে নৰেন্দ্ৰ মোডীৰ সাহসী পদক্ষেপ বুলি সৰ্বত্ৰে চৰ্চা গোৱা ২০১৬ৰ ৮ নবেম্বৰৰ বিমুদ্ৰাকৰণ আকৌ এবাৰ হ’ব বুলি চিন্তা ব্যক্ত কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে। ব্যৱসায়-বাণিজ্যত অসম ৰাজ্যৰ সৈতে জৰিত ৰাষ্ট্ৰখনৰ অসম সীমান্তৰ দাঁতিকাষৰীয়া এলেকাত ভাৰতীয় মুদ্ৰাৰ প্ৰচলনে চৰকাৰখনক চিন্তিত কৰি তোলাৰ সময়তে ভূটানৰ কেন্দ্ৰীয় বেংকে দেশখনৰ নাগৰিকসকলক ভাৰতীয় মুদ্ৰা নগদ হিচাপে নাৰাখিবলৈ সতৰ্ক কৰি দিছে।

বিমুদ্ৰাকৰণকে ধৰি ভাৰতীয় মুদ্ৰা নীতিত হ’ব পৰা সালসলনিৰ অনুমানৰ কৰিয়ে এনেদৰে দেশখনত ভাৰতীয় নগদ মুদ্ৰাৰ প্ৰচলনক লৈ কোনোধৰণৰ ৰিস্ক ল’ব বিচৰা নাই দেশখনে। ভাৰতীয় মুদ্ৰা ভুটানত বৈধ হ’লেও নৱেম্বৰ মাহৰ বিমুদ্ৰাকৰণৰ সময়ত ৫০০ আৰু ১০০০ টকীয়া নোট উইড্ৰৱেলত আৰোপ কৰা সীমাবদ্ধতাই ভুটানৰ ব্যৱসায়ী, তীৰ্থভ্ৰমণকাৰীক বিপাঙত পেলাইছিল।

উল্লেখ্য যে, ডেৰবছৰৰ মুৰত ৰয়েল মনেটৰি অথ’ৰিটিয়ে ভুটানৰ নাগৰিকক ৫০০ টকীয়া ভাৰতীয় নোট দেশখনৰ বাহিৰে ভিতৰে নিয়াৰ বাবে অনুমতি দি বিগত সপ্তাহত এখন সূচনা জাৰি কৰিছে। অৱশ্যে ভাৰতীয় মুদ্ৰা নগদ ৰূপত জমা কৰি নাৰাখিবলৈ পৰামৰ্শ দিছে ৰয়েল মনেটৰি অথ’ৰিটিয়ে। ২০১৭ বৰ্ষৰ আগস্ত মাহত ভুটান চৰকাৰে ঘোষণা কৰিছিল যে ভাৰতীয় ৫০০ আৰু ১০০০ টকাৰ নোট ভুটানত গ্ৰহণ কৰা নহ’ব।

ভাৰতীয় ৰিজাৰ্ভ বেংকে আগলৈ যদি বিমুদ্ৰাকৰণৰ পৰিকল্পনা হাতত লয়, তেন্তে ভূটানত নাগৰিকৰ হাতত থকা ভাৰতীয় মুদ্ৰাৰ দায়িত্ব কেন্দ্ৰীয় বেংকটোৱে নলয় বুলিও শেহতীয়া সূচনাখনত স্পষ্ট কৰি দিছে। তদুপৰি ভুৱা মুদ্ৰাক লৈ ভুটানৰ নাগৰিকক সচেতন থাকিবলৈও পৰামৰ্শ দিছে কেন্দ্ৰীয় বেংকটোৱে।