শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ গভীৰ শোক
বিহালীঃ ২৭ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি অহা গহপুৰ মহকুমাৰ এগৰাকী দুৰ্ভগীয়া শিক্ষকৰ ৫ মাৰ্চৰ দুপৰীয়া আকস্মিকভাৱে হোৱা মৃত্যুৱে মৰ্মাহত কৰি তুলিছে শিক্ষকসমাজক।
কেশৱ কটকী (৫০) নামৰ এইগৰাকী শিক্ষকে মহকুমাটোৰ ব্ৰহ্মাজান চাহ-বাগিচা এম ই স্কুলৰ প্ৰধান শিক্ষক হিচাপে ১৯৯২ চনতে যোগদান কৰিছিল। শিক্ষকতাৰ দৰে মহান কৰ্মত জড়িত হৈ বিনা বেতনেৰে শিক্ষকতা কৰি অহা কেশৱ কটকীয়ে ৫ মাৰ্চৰ পুৱা বিদ্যালয়ৰপৰা তেজপুৰত অনুষ্ঠিত শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ ঘৰলৈ আহিছিল।
ঘৰত মিটিঙলৈ বুলি ওলাই থাকোতেই হঠাতে মাটিত বাগৰি পৰাত পৰিয়ালৰ লোকে গহপুৰৰ এফ আৰ ইউলৈ আনে যদিও দিনৰ ১২.১৫ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু সাৱটি লয়। বিনা বেতনেৰে কোনো মতে পৰিয়াল পোহ-পাল দি অহা কটকীয়ে আৰ্থিক দীনতাৰ বাবেই মানসিকভাৱে ভাগি পৰিছিল।
মৃত্যুৰ সময়ত কেশৱ কটকীয়ে পত্নীসহ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায়। ব্ৰহ্মাজান জালুকবাৰী নিৱাসী শিক্ষক কটকীৰ আকস্মিক মৃত্যুত শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই গভীৰ শোক প্ৰকাশ কৰে।